ৰাখী কেৱল ৰচিয়েই নহয়..

ৰাখী কেৱল এডাল ৰচিৰ বান্ধোনেই নহয় ইয়াত অন্তৰ্নিহিত হৈ থাকে ভাতৃ ভগ্নীৰ মৰম চেনেহ। আজি ৰাখীবন্ধন। সমগ্ৰ দেশজুৰি ৰাখি বন্ধন উদযাপিত হৈছে।
 
 
এইবাৰ শাওন মাহৰ শেষতো সোমবাৰে ৰাখীবন্ধন উদযাপিত হৈছে। ইতিমধ্যে পুৱাৰ ভাগত বিভিন্নগৰাকী ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাইছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। এইবাৰ ৰাখী বন্ধনৰ বিশেষ মহত্ব আছে । ৰাখী বন্ধনৰ ক্ষণ,সময় বহু শুভ ক্ষণ বুলি বহু বিশেষজ্ঞ সকলে মন্তব্য কৰিছে।
 
জানিব পৰা মতে ২৯ বছৰ পিছতহে এনে শুভ ক্ষণ মিলিত হয়। ৰাখি দিনা ভায়েকে ভনীয়েকক ৰক্ষা কৰা প্ৰতিশ্ৰুতি দিয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,  ৰাষ্ট্ৰপতি ৰাম নাথ কবিনে ইতিমধ্যে ৰাখিবন্ধনত অংশগ্ৰহণ কৰিছে। ৰাখীবন্ধনে সমগ্ৰ দেশলৈ কঢ়িয়াই আনক চেনেহ ভাতৃত্ববোধৰ এনাজৰী তাকে কামনা কৰিলো।

Comments (0)
Add Comment