ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিবৰ্তন

স্বাস্থ্য সেৱাৰ আঁচনিৰ সম্পৰ্কত তৃণমূল পৰ্য্যায়ত সজাগতা সৃষ্টিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ  গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মীসকলৰ মুখ্যমন্ত্ৰীয়ে আহবান জনায়।আজি সৰুসজাইত অনুষ্ঠিত হোৱা দ্বিতীয় আশা ৰাষ্ট্ৰীয় অভিবৰ্তনত অংশগ্ৰহণ কৰি কয় যে বিগত দুবছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হৈছে।ৰাজ্যত ১৯ খন কেঞ্চাৰ হস্পিতেলৰ কাম চলি আছে।আশাকৰ্মীৰ মহিলাৰ পৰিতোষক৩০০ টকালৈ বৃদ্ধি কৰা হৈছে ।অনুষ্ঠানত১০ গৰাকী আশা কৰ্মীক বঁটা প্ৰদান কৰা উপৰিও স্বাস্থ্য সেৱাৰ বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা বিভিন্ন জিলা সমূহক বঁটা প্ৰদান কৰে।অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জে ভি এন সুব্ৰমণিয়াম, ডক্টৰ নিবেদিতা বৰঠাকুৰ,বিধায়ক ঋতুপৰ্ণ বৰুৱা,আঙুৰলতা ডেকা উপস্থিত থাকে।

Comments (0)
Add Comment