ৰূপালী পৰ্দাত অসমৰ সন্তান

জীৱন মানেই সংগ্ৰাম। সংগ্ৰামৰ অবিহনে যেন জীৱনটো  জীৱন যেন নালাগে। এদিন মই কিছু অৰ্থৰ বাবে মেলাত, বুক ফেয়াৰত কাম কৰিছিলো। তেনেকৈয়ে আগবাঢ়িব শিকিছিলো। অভিনয়ৰে বলিউডত থিতাপি লোৱা অসমীয়া যুৱক বলোৰাম দাসৰ। 

আচলতে আমাৰ অলক্ষিতে এনে বহু যুৱকে মায়ানগৰীত এক পৰিচয় জিনিবলৈ সক্ষম হৈছে। তেনে এজন ব্যক্তিৰ কাহিনীৰে আজিৰ লেখাটো প্ৰস্তুত কৰা হৈছে।

সৰুৰে পৰা মই নাটক কৰিছিলো। নাটকৰ প্ৰতি মোৰ এক বিশেষ ৰাপ আছিল। নাটক কৰি যেতিয়া প্ৰশংসা পাইছিলো, উৎসাহিত হৈছিলো। আৰু তেতিয়া পৰিচয়ৰ সন্ধানত অৰ্থাৎ নাটকৰ জৰিয়তে জনসমাজত চিনাকি হোৱাৰ হাবিয়াস, হেঁপাহে অভিনয় জগতত প্ৰৱেশ কৰিবলৈ সক্ষম হ’লো। এই মন্তব্য বলোৰাম দাসৰ। মহানগৰীৰ উজানবজাৰৰ বাসিন্দা। উল্লেখযোগ্য যে বলোৰাম দাসে বি বৰুৱা কলেজৰ পৰা ডিগ্ৰী গ্ৰহণ কৰি দিল্লীৰ National School Of Drama ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে অভিনয়ৰ দক্ষতাৰ বাবে তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখনকৈ বহুতো ছবি কৰি গৈছে। ইতিমধ্যে Haider, Gabbar Is Back, Ok Jannu, Badlapur Boys ত অভিনয় কৰাৰ লগতে ইংৰাজী চিনেমা The Black Russian, Interconnect, আদিটো অভিনয় কৰিছে। Parle Gold Star Cookies ত বিগ বি অমিতাভ বচ্চনৰ লগত আৰু বহুতো বিজ্ঞাপনত অভিনয় কৰিছে।

জনপ্ৰিয় ধাৰাবাহিক Crime patrol আৰু চুপকে চুপকেৰ লগতে শেহতীয়াকৈ Beautiful lives, Antareen নামৰ চিনেমাখনত অভিনয় কৰা দেখা গৈছে। জন্মভূমিৰ প্ৰতি থকা তাড়নাতে অসমলৈ আহি অসমীয়া চিনেমাত অভিনয় কৰিছো বুলি মন্তব্য কৰে। বলোৰাম দাসৰ মতে অসমীয়া চিনেমাক দৰ্শকে চাই আদৰি ল’লেহে অথবা সমালোচনা কৰিলেহে ছবিগৃহলৈ সুদিন আহিব।


Comments (3)
Add Comment
  • Sangeetasaikia

    Thanks for Ur valuable comment..