NE FOCUS ৰ বৰ্ষপুৰ্তিৰ উপলক্ষে সংবাদ মেল

চাওতে চাওতে nefocus.com ৰ এটা বছৰে মেলানি মগা দিন সমাগত এই বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত আজি গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত হয়। অনাগত দিনৰ কাৰ্য্য পন্থা সমাজৰ আগত দাঙি ধৰাৰ তথা সকলো ৰাইজক অৱগত কৰাৰ উদ্দেশ্যেৰে সংবাদ মেলখন অনুষ্ঠিত হয়। সংবাদমেল খনত বিশিষ্ট অতিথি হিচাপে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী উপস্থিত থাকে। তেখেত ভাষণ প্ৰসংগত ইতিবাচক খবৰৰ আৰু নেতিবাচক খবৰৰ প্ৰাসংগিকতা সম্পৰ্কে ভাষণ ৰাখে। ইয়াৰ সমান্তৰালকে বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰি এটা  Video Clip প্ৰৰ্দশন হয়। YoutubeVideo টো চাবলৈ হ’লে First Anniversary nefocus.com বুলি search কৰিব লাগিব। উল্লেখযোগ্য যে nefocus.com হ’ল ইতিবাচক খবৰ সমৃদ্ধ অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমটো নিউজ পৰ্টেল। 

Comments (2)
Add Comment
  • Abul Hasem

    ধন্যবাদ Nefocus ৰ সকলো কৰ্মকৰ্তালৈ

  • Shahanur islam

    Congratulation