দুটা ইতিবাচক খবৰৰ গুৰি ধৰি..

সংগীত প্ৰেমী সকললৈ সুখবৰ কঢ়িয়াই আনিছে এগৰাকী উদীয়মান যুৱকে। উল্লেখযোগ্য যে এই বিশেষ যুৱক জনে অসমীয়া ভাষাত লিখা এটা গীত “এ ডেথ ইন দ্যা গাঞ্জ” ৰ নামৰ বলিউদ ছবিখনত ব্যৱহাৰ হৈছে। ছবিখন পৰিচালনা কৰিছে জনপ্ৰিয় অভিনেত্ৰী কংকনা সেন শৰ্মাই। গীতটোৰ ৰচক সাংবাদিক তথা শিল্পী ৰাজদ্বীপৰ। জানিব পৰা মতে “এ ডেথ ইন দ্যা গাঞ্জ” শীৰ্ষক চিনেমাখন ইতিমধ্যে বিভিন্ন ফেষ্টিভেলত প্ৰদৰ্শিত হৈছে। এই সম্পৰ্কে ৰাজদ্বীপে আমাক এনেদৰে জনায়…. এই চিনেমা খনৰ গীতৰ কাম আৰম্ভ হৈছিল ৮/৯ মাহৰ মানৰ আগতে। চিনেমা খনত অভিনয় কৰিছে ওম পুৰী, কালকি কয়েচলিন, তনুজা আদিকে ধৰি বহু কেইজন নবীন প্ৰবীন শিল্পীয়ে।

স্মতৰ্ব্য যে ৰাজদ্বীপে ইতিপূৰ্বে MTV ৰ বাবেও এটা অসমীয়া গীত ৰচনা কৰিছিল। যিটো গীতত অংগৰাগ পাপন মহন্তই কণ্ঠদান কৰিছিল। আমি আশাকৰো ৰাজদ্বীপৰ এই যাত্ৰা অব্যাহত থাকক, অনাগত দিনত আৰু ভাল ভাল কামে বিশ্বদৰবাৰত পৰিচয় জিনক।

আনহাতে ৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থী মীৰা কুমাৰে আজি মহানগৰীৰ শ্বোলিন গ্ৰেণ্ডত এক সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদমেলত সকলোৰে সহায় সহযোগিতা আহবান জনায়। লগতে তেওঁ জনাই যে অসম তথা উত্তৰ পূবলৈ আহি খুবেই ভাল লাগিছে। মেঘালয়ৰ সকলো পাৰ্টীয়ে সমৰ্থন কৰিছে। মই আশাবাদী যিদৰে বৈচিত্ৰ্যৰ মাজত ঐক্য হৈ সকলোৰে আছো, ঠিক সেইদৰে মোক ক্ষেত্ৰতো এনে ভূমিকা গ্ৰহণ কৰিব।

এয়া আছিল আজি দিনটোৰ দুটা ইতিবাচক খবৰ। এনেধৰণৰ অধিক খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment