স্বাস্থ্য সুস্থতা বাবে জীৱনশৈলীৰ লগতে মানসিক স্বাস্থ্য উন্নত মানৰ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ যোগ বা ব্যায়ামে শৰীৰৰ সন্তুলন বৰ্তাই ৰখা যথেষ্ট সহায় কৰে। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ডক্তৰ উবেদুল ইছলামৰ। এন ই ফ’কাচৰ উদ্যোগত আজি নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলনত অংশগ্রহণ কৰি এই মন্তব্য কৰে। লগতে কয় যে দিনে দিনে বৃদ্ধি পোৱা জীবন শৈলী জনিত ৰোগ নিয়ন্ত্রণৰ আহিলা হ’ল খাদ্যাভ্যাস নিয়ন্ত্রণ, নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু মানসিক সন্তুলন বজাই ৰখা। আন এক আলোচনা চক্ৰত ডায়েট অথবা খাদ্যাভাস সম্পর্কে আলোচনা কৰে। এই আলোচনা চক্র খনত অংশগ্রহণ কৰে ডক্তৰ চবিনা য়াচাৰে, ইন্দ্ৰানী দত্ত আৰু ড’গীতাৰ্থ ৰায় মেধিয়ে। আনহাতে সন্মিলনখনত গেষ্টলজি সম্পর্কে মন্তব্য ৰাখে গেষ্টচিটিৰ চবি উদ্দিন আহমেদে। সন্মিলনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব আৰু ভাষা প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ অৰূপ কুমাৰ নাথেও সাম্প্ৰতিক সময়ৰ স্বাস্থ্য সজাগতা সম্পৰ্কে বক্তব্য আগবঢ়ায়।সন্মিলনখনত খনৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। স্বাস্থ্য আৰু সুস্থতা সন্মিলনখন সফলতা সম্পন্ন কৰাত সহযোগ কৰে অসম চৰকাৰৰ ফুড চেফিটি বিভাগ, এন এইচ এম, এইচ কন্তোল চচাইটি,আয়ুষ মিচন অসম আৰু জনসংযোগে।আয়োজক কমিটিৰ হৈ এন ই ফ’কাচৰ সম্পাদক সংগীতা শইকীয়া, আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাইও অনুষ্ঠানত চমু বক্তব্য আগবঢ়ায় । প্ৰায় শতাধিক লোকে অংশগ্রহণ কৰা সন্মিলনখনত স্বাস্থ্য বিভাগৰ লগতে সংবাদ সেৱা বিভাগৰ বহুকেইজন উপস্থিত থাকে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index