যশস্বী দৌৰবিদ পি টি ঊষাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি তথা যশস্বী দৌৰবিদ পি টি ঊষাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু পেৰেডৰ অভিবাদন গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “পোনপ্ৰথমে মই ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ আটাইকে এই বিশ্ববিদ্যালয় সপ্তাহ আয়োজন কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আজি ভাৰতৰ ক্ৰীড়া জগতৰ আদৰ্শ, বিশ্বপ্ৰসিদ্ধ এথলীট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ উৎকৰ্ষ সাধনত পি টি উষা ডাঙৰীয়ানীয়ে বিশেষ সহায়ৰ হাত আগবঢ়াব বুলি মই দৃঢ় বিশ্বাসী। মই তেখেতক বিশ্ববিদ্যালয়খনৰ সুন্দৰ চৌহদলৈ আদৰণি জনাইছোঁ। আমি সকলোৱে আজি অনুভৱ কৰিছোঁ যে বিশ্বৰ বুকুত আমাৰ স্থিতি আৰু পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে শিক্ষাৰ সমান্তৰালকৈ সংস্কৃতি, গৱেষণা, ক্ৰীড়া আদি ক্ষেত্ৰতো সফলতাৰ খতিয়ান দিব লাগিব। তাৰ বাবে আমি নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। এই যুগটো বুদ্ধিমত্তাৰ, তীব্ৰ প্ৰযুক্তিৰ যুগ। প্ৰতিটো বিষয়বস্তুৰ ক্ষেত্ৰত আমাৰ যোগ্যতা, দক্ষতা, দৃঢ়তা কৰ্মৰ যোগেদি আমি প্ৰতিফলন ঘটাব পাৰিব লাগিব। একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ আমি নুই কৰিব নোৱাৰোঁ। জীৱনত উন্নতি কৰিবলৈ হ’লে আমি প্ৰযুক্তিৰ সহায় ল’বই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমি আমাৰ সাতামপুৰুষীয়া সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক মূল্যবোধকো জীয়াই ৰাখিব লাগিব, য’ত থাকিব লাগে শ্ৰদ্ধা, ভক্তি, মৰম-চেনেহ আৰু আন্তৰিকতা। য’ত থাকিব শান্তি, সমন্বয় আৰু ভাতৃত্ববোধ। এই সমন্বয় আৰু ভাতৃত্ববোধ অলিম্পিককে ধৰি দেশ-বিদেশৰ বিভিন্ন আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাত আমি দেখিবলৈ পাওঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো প্ৰতিভাৰ অভাৱ নাই। তেখেতসকলক উলিয়াই অনাৰ দায়িত্ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তথা ছাত্ৰ একতা সভাৰ। মই প্ৰাক্তন ছাত্ৰ হিচাপে এইখন বিশ্ববিদ্যালয়লৈ আহিলে সদায় আনন্দিত আৰু নষ্টালজিক হওঁ। ইয়াৰ শিক্ষাৰ্থীসকলে প্ৰতিকূল বতৰতো ইমান দৃঢ়ভাৱে ইয়াত থিয় হৈ আছে, মই দেখি অভিভূত হৈ পৰিছোঁ। এই দৃঢ়তাৰ বাবেই এদিন আপোনালোক জীৱনৰ বাটত সফল হ’ব পাৰিব। মনোবল সুদৃঢ় হ’লে প্ৰতিকূল পৰিস্থিতিকো নেওচি আগুৱাব পাৰি। ইয়াৰ জ্বলন্ত উদাহৰণ হিচাপে আমাৰ মাজত আজি পি টি উষা ডাঙৰীয়ানী উপস্থিত আছে। সুদূৰ কেৰেলাৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে মই তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।
সোণোৱালে আজি কয়, কিছু তথ্য মই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিবলৈ বিচাৰিছোঁ।বিগত পেৰিছ অলিম্পিকত বিশ্বৰ বিভিন্ন ঠাইৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে খেলুৱৈ হিচাপে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰাই দেশক প্ৰতিনিধিত্ব কৰি সৰ্বমুঠ ৩৯টা পদক লাভ কৰিছিল। যদি আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এয়া কৰিব পাৰে, তেন্তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিব নোৱাৰাৰ প্ৰশ্নই নাহে। আপোনালোকে সূৰ্যৰ দৰে জিলিকি লুইতৰ পাৰ জিলিকাওক তাৰেই কামনা কৰিলোঁ। শিক্ষা, ক্ৰীড়া, সংস্কৃতি ~ এই তিনি গুৰুত্বপূৰ্ণ দিশক অগ্ৰাধিকাৰ দি যুৱশক্তিয়ে এখন সুস্থ-সবল সমাজ গঢ়াত আগভাগ ল’ব লাগিব। যুৱশক্তি আমাৰ দেশৰ মহাশক্তি। জ্ঞান অন্বেষণৰ সমান্তৰালকৈ সৃষ্টিশীলতা, উদ্ভাৱনত গুৰুত্ব দি নিজৰ সুপ্ত প্ৰতিভা বিকাশেৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক শক্তিশালী ৰূপত আগুৱাই নিবলৈ যুৱবন্ধুসকলক আহ্বান জনালোঁ।
আজিৰ এই সময়ছোৱাত লগতে উপস্থিত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, পঞ্জীয়ক পৰমানন্দ সোণোৱাল, অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি যুগল কিশোৰ গগৈ, সাধাৰণ সম্পাদক লেনিছ মিলি প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।