দখলা পাহাৰৰ নান্দনিক সৌন্দৰ্যই পৰ্যটকক হাত বাউল দি মাতে

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পাছত ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে। লাহে লাহে দেশ-বিদেশৰ পৰ্যটক বা ভ্ৰমণকাৰী অহা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ক’ভিডৰ ভেকচিন নোলোৱালৈকৈ পূৰ্বৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি নাহে বাবে অসম চৰকাৰৰ পৰ্য্যটন বিভাগে ভাৰত চৰকাৰৰ “ভকেল ফৰ লোকেল ” আঁচনিৰ অধীনত স্থানীয় পৰ্যটকক উৎসাহিত কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্যৰ ভিতৰত এখন ঠাইৰ লোকে আন এখন ঠাইৰ পৰ্যটনস্থলী ভ্ৰমণ কৰে তাৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনকি ইয়াৰ অংশ হিচাপে কিছুদিন আগতে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ তৎপৰতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ বুঢ়াচাপৰিৰ পৰা ব্ৰহ্মপুত্ৰৰে কলীয়া ভোমোৰা দলঙক সামৰি শিলঘাটৰ ঐতিহাসিক কামাখ্যা মন্দিৰলৈ River Tourisim অৰ্থাৎ নদী পৰ্য্যটনৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে তাত নদী পৰ্যটন আৰম্ভ হৈছে আৰু আগ্ৰহী পৰ্যটকেও তাৰ সুবিধা গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰৰে নৌকাচালনা কৰি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে।

ইফালে গুৱাহাটী মহানগৰীৰ শৰাইঘাট দলঙৰ পৰা পশ্চিমে দখলা পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ প্ৰায় ২০ কিঃমিঃ অংশক সামৰি কলীয়া ভোমোৰা-কাজিৰঙাৰ আৰ্হিত নদী পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ শেহতীয়াভাবে দাবী উৎখাপন হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতা, কাৰ্যকৰী সভাপতি ভৱেশ কলিতা, সম্পাদক হানী ঝানঝাৰী, দখলাৰ অঞ্চলৰ সচেতন লোকসকলৰ লগতে যুৱ সাংবাদিক জিতুমণি দাসকে ধৰি বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী জানিবলৈ দিয়া অনুসৰি পলাশবাৰীৰ পৰা ব্ৰহ্মপুত্ৰসহ দখলা পাহাৰৰ যি নান্দনিক সৌন্দৰ্য তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। যিকোনো লোককে ব্ৰহ্মপুত্ৰসহ দখলা পাহাৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে। বিশেষকৈ তাত সূৰ্যাস্তৰ সময়ত অষ্টগামী সূৰুজে যি মায়াময় পৰিবেশৰ সৃষ্টি কৰে তাক নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। বিশেষকৈ নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কিছু সংখ্যক লোকে ব্ৰহ্মপুত্ৰ নদী পাৰ, বালি চৰত বনভোজ খোৱাৰ লগতে আবেলি সময়ত দখলা পাহাৰ, মহাবাহু ব্ৰহ্মপুত্ৰ নদী, সূৰ্য অস্ত যোৱাৰ নানন্দনিক দৃশ্য চোৱাৰ বাবে অসংখ্য লোকৰ সমাগম ঘটে। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সুৰক্ষা কৱচ হিচাপে পৰিগণিত হৈ অহা আৰু দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰস্বৰূপ বিজয়নগৰৰ গাতে লগা দখলা পাহাৰখনে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা এক বৃহৎ অঞ্চলক ৰক্ষা কৰি আহিছে । পাহাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত প্ৰতি বছৰে সাত মাঘত সাধু মেলা, শিৱৰাত্ৰীৰ লগতে তিথি পৰ্বত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। সেই অনুষ্ঠানবোৰত হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগম হয়।শৰাইঘাট দলঙৰ পৰা পশ্চিমে ব্ৰহ্মপুত্ৰৰে মাত্ৰ ২০ কিঃমিঃ নিলগৰ দখলা পাহাৰলৈ অংশ খিনিক নদী পৰ্যটন ক্ষেত্ৰহিচাপে গঢ়ি তুলিলে গুৱাহাটীৰ বা বাহিৰৰ পৰা অহা পৰ্যটকে তাৰ সুবিধা লৈ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এই ২০ কিঃমিঃ অংশত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাক্যক্ষিনী পাহাৰ, কৃষিপ্ৰধান চাপৰি মজলী বা চৰনেহালি আদিও পৰিদৰ্শন বা ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰ্যটন বিভাগ বা অসম পৰ্যটন উন্নয়ন নিগমে ( এ টি ডি চি ) কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।
খবৰ যুগুতালে জিতুমণি দাসে..

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

কাঁহিকুছিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ গুৰুজয়ন্তী উৎসৱ উদযাপন

গুৱাহাটী পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত সমিতিৰ নামঘৰ চৌহদত ১৪ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক গুৰুজয়ন্তী উৎসৱৰ আজি সামৰণি পৰে । ১৪ অক্টোবৰত দিনৰ ১০ বজাত সামূহিক চাফাই অভিযানৰে উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ চৌধুৰীয়ে । তাৰ পাছত নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয় । ১৫ অক্টোবৰ দ্বিতীয় দিনা পুৱা উষা কীৰ্ত্তনৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে সমিতিৰ মুখ্য উপদেষ্টা সুচেন্দ্ৰ নাথ ডেকাই । তাৰ পাছত ভাগৱত লৈ ভ্ৰমণ নাম প্ৰসংগ , ভাগৱত পাঠ , প্ৰসাদ বিতৰণ , অন্ন গ্ৰহণ , সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা সমিতিৰ আইসকলে নাম পৰিবেশন কৰে । আনহাতে আজি তৃতীয় তথা শেষৰ দিনা উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাৰ পৰা এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । সমিতিৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়া জগদীশ বৈশ্যই আঁত ধৰা আলোচনা চক্ৰত সভাপতিত্ব কৰে সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ চৌধুৰীয়ে । আলোচনা চক্ৰত আলোচক হিচাপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী গ্রুপৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা ,অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া পুলিন ডেকা আৰু সমিতিৰ মুখ্য উপদেষ্টা সুচেন্দ্ৰ নাথ ডেকাই ভাগ লয় । আনহাতে তিনিওজন আলোচকে ভাষণত অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি অসমীয়া সমাজ , সাংস্কৃতিক জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰি বুলি ব্যক্ত কৰে আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মহাপুৰুষজনাৰ অৱদানৰ কথা ইতিহাসত সদায় জিলিকি থাকিব বুলি কয় । আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শিল্পী ত্ৰিনামী গোস্বামীয়ে।

কাতি বিহু উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

কাতি বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসী বিশেষকৈ ৰাজ্য খনৰ কৃষক সমাজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।আজি এক বিবৃতি যোগে মুখ্যমন্ত্ৰীয়ে কয় যে কাতি বিহুৰ পৱিত্ৰ চাকিৰ পোহৰে অসুয়া,অশান্তি আঁতৰাই সমাজক আলোকৰ পথেৰে অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়। কৃষি ভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্য শ্যামলা পথাৰ সমূহ সোণ গুটিৰে উপচি পৰি ৰাজ্য খনৰ কৃষক সমাজক কৰ্মৰ পথাৰত আৰু অধিক উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।মুখ্যমন্ত্ৰীয়ে লগতে এই বিহু পালনৰ জৰিয়তে আমাৰ মাজত থকা শান্তি -সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰি অধিক সুদৃঢ় হ’ব বুলিও আশা প্ৰকাশ কৰে।বৃহত্তৰ অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনধাৰাক উজ্জ্বীৱিত কৰা এই কাতি বিহু উদযাপনৰ জৰিয়তে ৰাজ্য খনক আৰু অধিক বিকাশৰ তথা উত্তৰণৰ যাত্ৰাৰে অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে।

ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী-  প্ৰাক্তন ছাত্র-ছাত্ৰী সতীৰ্থ সন্মিলন, সাংবাদিকৰ সৈতে প্ৰীতি ফুটবল খেল  

ঐতিহ্যপূৰ্ণ বৃহত্তৰ ৰামপুৰ অঞ্চলৰ মাধ্যমিক শিক্ষাৰ স্নায়ুকেন্দ্ৰ স্বৰূপ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে মহাৰজত জয়ন্তী’ বৰ্ষ হিচাবে যোৱা ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হৈ আগত ২০২২ চনৰ ২২, ২৩ আৰু ২৪ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচী ৭৫ খন পতাকা উত্তোলন কৰি সুচাৰুৰূপে অনুষ্ঠিত হৈ যোৱাৰ পাছত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি ব্যাপক কৰি তুলিছে বুলি জানিবলৈ দিয়ে  উদযাপন সমিতিৰ সভাপতি ড০ অৱনী কুমাৰ দাস আৰু মুখ্য সম্পাদক অঞ্জু ভট্টাচাৰ্যই। মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰ বিদ্যালয় প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলৰ এখন সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা সামূহিক দৌৰ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আৰু মূল কাৰ্যসূচী প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মহামিলনৰ অনুষ্ঠান সতীৰ্থ সন্মীলন অনুষ্ঠিত হয়। বৰ্ষযোৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে মহাৰজত অনুষ্ঠানটো জনপ্ৰিয় তথা গণমুখী কৰাৰ মহৎ উদ্দেশ্যে আগত ৰাখি আবেলি বিদ্যালয়ৰ খেল পথাৰত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আৰু দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেলখনত দক্ষিণ কামৰূপ সাংবাদিকৰ দলে প্ৰথমাৰ্ধত এক গল দি আগবাঢ়ি থাকে দ্বিতীয়াৰ্ধত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মীলনীয়ে এক গল দি সমতা স্থাপন কৰে। উক্ত প্ৰীতি ফুটবল খেলখনৰ বিষয় বস্তু আছিল আহক আমি পুনৰ চৰকাৰী বিদ্যালয়লৈ উভতি যাও। খেলখনৰ জড়িয়তে গ্ৰাম্যঞ্চলৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা সকলক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ কৰাৰ মহৎ উদ্দেশ্যেৰে উক্ত প্ৰীতিখেল খন আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ইয়াৰে পিছত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰে দিনযোৰা কাৰ্যসূচীৰ অন্ত পৰিব।

শংকৰ-মাধৱৰ জীৱন দৰ্শন আৰু শংকৰী ক’লা কৃষ্টি”ৰ ভিত্তিত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ দলৰ অংশ গ্ৰহণ-দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গুৰুজয়ন্তীৰ সামৰণি

একশৰণ ভাগৱতী সমাজৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং আমতলা গাঁৱত থকা শংকৰ-মাধৱ কীৰ্ত্তন ঘৰ প্ৰাঙ্গণত যোৱা ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মহাপুৰুষ গুৰুজনাৰ ৫৭৩ তম্ আবিৰ্ভাৱ মহোৎসৱটি উদযাপন কৰা হব । এই উপলক্ষে ১৫ অক্টোবৰৰ পুৱা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় । তাৰ পিছতে ১৬ অক্টোবৰৰ পুৱা অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে ৩ নং আমত’লা গাঁৱৰ চুমী দাস আৰু লোহিত দাসে । আবেলি ৩ বজাত শংকৰ-মাধৱৰ জীৱন দৰ্শন আৰু শংকৰী ক’লা কৃষ্টিৰ ভিত্তিত শিক্ষক প্ৰণৱ দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত যোৰহাট, নগাঁও, হাজো, ছমৰীয়া, ৰামদিয়া, বকো, ছয়গাঁৱৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা কুইজ কৰিবলৈ আহে কেবাটাও আগশাৰীৰ দল । উক্ত কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰামদিয়াৰ নিলোৎপল পাটোৱাৰী আৰু হিমাক্ষী পাটোৱাৰীৰ দলে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে মনোজ কুমাৰ দাস আৰু হলিৰাম দাসৰ দলে । তৃতীয় স্থান লাভ কৰে অক্ষয় দাস আৰু হৰিদেৱ দাসৰ দলে । অতি আকৰ্ষণীয় কুইজ অনুষ্ঠিত কৰা বাবে শিক্ষক প্ৰণৱ দাসক ভাগৱতী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । নিশা অনুষ্ঠিত হোৱা বৰগীত প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে অমূল্য দাস আৰু সনাত কুমাৰ দাসে । তাৰ পিছতে কুলডুঙৰ কণমানি শিল্পী নৱজিৎ কৈৱৰ্ত, সভাপতি হৰেন দাস, সম্পাদক নিৰ্মল দাসক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ শেষত অচ্যুত দাস আৰু পংকজ দাস বাপে গুণমালা কীৰ্ত্তন পৰিচালনা কৰে।

ডিব্ৰুগড়ত গতি শক্তি আঁচনি সম্পৰ্কত সংবাদ মেল

ডিব্ৰুগড়ত বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদ মেল আহ্বান কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ “গতি শক্তি” সম্পৰ্কত বক্তব্য ৰাখে মন্ত্ৰী গৰাকীয়ে। যোৱা ১৩ অক্টোবৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নৰ গতি বৃদ্ধি কৰাৰ বাবে “গতি শক্তি” আঁচনিৰ শুভ আৰম্ভ কৰে । আঁচনি খনৰ সন্দৰ্ভত সাংবাদিকক ৭ মিনিটৰ তথ্য চিত্ৰ জৰিয়তে অৱগত কৰায় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।তেওঁ জনায় যে প্ৰধানমন্ত্ৰীৰ ‘গতি শক্তি আঁচনিৰ যোগেদি দেশৰ গতি বৃদ্ধি হ’ব। চৰকাৰখনে ১৬ টা মন্ত্ৰালয় এক কৰি কাম কৰিবলৈ সাজু হৈছে। বিশ্বৰ বুকুত ভাৰতে উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব। আন্ত গাঁঠনি, যাতায়ত যোগাযোগ, নিযুক্তিৰ নতুন বাট মুকলি কৰিব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে। ৰাজ্যসমূহো এই আঁচনিত জড়িত হ’ব বুলি তেওঁ জনায়। বিভাগবোৰৰ সন্বয়নহীনতাৰ বাবে প্ৰগতিত বাধা আহিছিল। এতিয়া ১৬ টা বিভাগে সমন্বিত ৰূপত কাম কৰিব। ১৩০ কোটি জনতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই আঁচনি লৈছে বুলি উল্লেখ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্রেছক সমালোচনা কৰি কয় যে বিগত কংগ্ৰেছৰ দিনত এনেধৰনৰ ঐক্যবদ্ধ আৰু শৃংখলাবদ্ধ কোনো আঁচনি গ্ৰহণ কৰা নাছিল।

দূৰ্গা পূজাৰ মাজতে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিদায় ললে মৌচুমী বায়ুয়ে-কমি গ`ল বৰষুণৰ পৰিমাণ

সমগ্ৰ দেশত আৰ্থ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে চিৰাচৰিত ধৰণে এইবেলি দুৰ্গা পূজাৰ মাজতে অসম সহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা বিদায় ল`লে । অৱশ্যে এইবেলি মৌচুমী বায়ুৰ পৰা ভবা ধৰণে অসম তথা উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ কৃষক ৰাইজে বিশেষ উপকৃত নহল । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এইবেলি পহিলা জুনত উত্তৰ পূবত প্ৰৱেশ কৰা মৌচুমী বায়ুয়ে প্ৰায় চাৰিমাহ বাৰদিন পাছত অৰ্থাৎ ১২ অক্টোবৰত দুৰ্গা পূজাৰ মহাসপ্তমীৰ দিনা উত্তৰ পূৱৰ পৰা নীৰৱে বিদায় লয় । এই সময়চোৱাত উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যতে উদ্বেগজনকভাবে কমি গল বৰষুণৰ পৰিমাণ । অৱশ্যে স্বাভাৱিকতকৈ ১৯ শতাংশ বৰষুণ কম বা বেছি হলে বতৰ বিজ্ঞানৰ ভাষাত তাক স্বাভাৱিক বুলিয়ে ধৰা হয় । সেই হিচাপত উত্তৰ পূবত একমাত্ৰ ত্ৰিপুৰাত ১৫ শতাংশ ঘাঁটি হৈছে যদিও বতৰ বিজ্ঞানৰ ভাষাত সেয়া স্বাভাৱিক বুলিয়ে পৰিগণিত হৈছে । কিন্ত তাৰ বিপৰীতে বাকী ৰাজ্য কেইখনৰ ভিতৰত মণিপুৰত সৰ্বাধিক ৬০ শতাংশ , অৰুণাচল প্ৰদেশত ২৮ শতাংশ , নাগালেণ্ডত ২৬ শতাংশ , অসম আৰু মিজোৰামত ২২ শতাংশ , মেঘালয়ত ২১ শতাংশ বৰষুণ ঘাঁটি হৈছে । পৰিসংখ্যা হিচাপত এই সময়ছোৱাত অসমত বৰষুণ হব লাগিছিল ১৪৮৬.২ মিলিমিটাৰ , কিন্ত হৈছে ১১৫১.৯ মিলিমিটাৰ । ত্ৰিপুৰাত হব লাগিছিল ১৪৫৭ মিলিমিটাৰ , কিন্তু হৈছে ১২৪৫ মিলিমিটাৰ । মণিপুৰত হব লাগিছিল ১৪০৪.৯ মিলিমিটাৰ । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই বঙ্গোপ উপসাগৰত ঘটা কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে সৃষ্টি হোৱা নিম্নচাপ আৰু সেই নিম্নচাপৰ প্ৰভাৱত ১৮ অক্টোবৰৰ পাছত অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ আকাশ দুদিন – তিনিদিনলৈ ডাৱৰীয়া হৈ থকাৰ লগতে ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব বুলি সদৰি কৰিছে । সমান্তৰালকৈ বতাহ বলি থাকিব বাবে তাপমাত্ৰা বহুখিনী কমি যাব আৰু ৰাইজে লাহে লাহে গেলা গৰমৰ পৰা ৰক্ষা পাব বুলি সদৰি কৰিছে।