গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ সাংস্কৃতিক গোষ্ঠী ‘অংগনা’ৰ মুম্বাই শাখাৰ উদ্যোগত ১০ মাৰ্চত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয় হিন্দী সাহিত্যৰ স্বনামধন্য সাহিত্যিক মুন্সী প্ৰেমছন্দৰ একে নামৰ হিন্দী উপন্যাসৰ প্ৰসিদ্ধ নাট্যকাৰ বিষ্ণু প্ৰভাকৰে কৰা নাট্যৰূপ ‘ গোদান ‘ । মূলত কৃষি প্ৰধান ভাৰতৰ কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ শোচনীয় অৱস্থা আৰু কৃষকক এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ হলে তেওঁলোকৰ মানসিকতা কিদৰে সলনি কৰিব লাগিব সেয়া নাটখনৰ জৰিয়তে দেখুৱাবলৈ তথা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে । আনহাতে নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে – সজ্জাদ হুছেইন খান (হৰি) , উজ্বলা বৰ্মন (ধনীয়া), বিনয় ডেকা (ভোলা) , অনুৰাগ পাণ্ডে ( গোবৰ ), দক্ষিণা নাথ ( ৰুপা) , খ্যাতিপৰ্ণা সোণোৱাল ( সোণা ), অপূৰ্ব ঠাকুৰীয়া ( ডাতাদিন ) , স্বপন দাস ( হীৰা ) , অঞ্জনজ্যোতি বেজ (পটেশ্বৰী ) , অচিন্ত্য কাশ্যপ ( দাৰোগা ) , কৃষ্ণা দাস ( ঝুনিয়া ) , হাছান চাহনৱাজ ইছলাম ( শোভা ) আৰু কংকন দাস ( বিহাৰী ) । তেনেদৰে খানামুখৰ জীয়ৰী তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক উজ্বলা বৰ্মনৰ পৰিচালনাত মঞ্চস্থ কৰা নাটকখনৰ ৰচনা বিষ্ণু প্ৰভাকৰ , পোহৰত ডিম্পল দাস , মঞ্চত শিৱম শইকীয়া , সংগীতত অমিত পাঠক আৰু ঈশানু শৰ্মা , সাজসজ্জাত বিনীতা বড়ো আৰু কল্পনা দাস , আৰু পৰিচালনাত সহযোগ কৰিছিল ৰাজেশ বৰ্মন । ইয়াৰ উপৰিও নাটখনত ঠাকুৰ সিং গুৰীকে ধৰি কেবাজনো মজদুৰ যুৱক আৰু শিশু শিল্পীয়েও অভিনয় কৰিছে । উল্লেখযোগ্য যে নাটখনত ধনীয়াৰ চৰিত্ৰত উজ্বলা বৰ্মনে কৰা বলিষ্ঠ আৰু জীৱন্ত অভিনয়ে দর্শক ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে । তেনেদৰে বাকী চৰিত্ৰ সমূহতো অভিনেতা-অভিনেত্ৰী সকলেও মনপৰশা অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS