ৰাজ্যৰ আপুৰুগীয়া সম্পদৰে চহকী জিলা শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ, গীতিকাৰ ড০ সব্যসাচী মহন্তৰ ৰচনা আৰু পৰিকল্পনাৰে নিৰ্মিত ‘শিব বন্দনাৰ অডিঅ’ আৰু ভিডিঅ’ যোৱা ১১ মাৰ্চত শিৱসাগৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উক্ত শিৱ বন্দনাৰ সুৰ আৰু সামগ্ৰিক ব্যৱস্থাপনা সজাইছে শিৱসাগৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘অজ’ন সংগীত গোষ্ঠীয়ে। ভক্তিমূলক বন্দনাটিত কণ্ঠদান কৰিছে প্ৰতিভাবান কণ্ঠশিল্পী ৰিয়াজুল চৌধুৰীয়ে। বাদ্যযন্ত্ৰত বন্দনাটি সজাইছে জ্যোতিময় গগৈ, উৎপল গগৈ, পাৰ্থ হাজৰিকা, বিপ্লৱ কোঁৱৰ আৰু সৌৰভ হাজৰিকাই। উক্ত শিৱ বন্দনাটি ভক্তপ্ৰাণ ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ, গীতিকাৰ ড০ সব্যসাচী মহন্তই।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান