ৰাজ্যৰ আপুৰুগীয়া সম্পদৰে চহকী জিলা শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ, গীতিকাৰ ড০ সব্যসাচী মহন্তৰ ৰচনা আৰু পৰিকল্পনাৰে নিৰ্মিত ‘শিব বন্দনাৰ অডিঅ’ আৰু ভিডিঅ’ যোৱা ১১ মাৰ্চত শিৱসাগৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উক্ত শিৱ বন্দনাৰ সুৰ আৰু সামগ্ৰিক ব্যৱস্থাপনা সজাইছে শিৱসাগৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘অজ’ন সংগীত গোষ্ঠীয়ে। ভক্তিমূলক বন্দনাটিত কণ্ঠদান কৰিছে প্ৰতিভাবান কণ্ঠশিল্পী ৰিয়াজুল চৌধুৰীয়ে। বাদ্যযন্ত্ৰত বন্দনাটি সজাইছে জ্যোতিময় গগৈ, উৎপল গগৈ, পাৰ্থ হাজৰিকা, বিপ্লৱ কোঁৱৰ আৰু সৌৰভ হাজৰিকাই। উক্ত শিৱ বন্দনাটি ভক্তপ্ৰাণ ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ, গীতিকাৰ ড০ সব্যসাচী মহন্তই।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা