অসম অলিম্পিক সন্থাই অচিৰেই ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ বাবে এক নতুন কাৰ্য্যসূচী সমগ্ৰ ৰাজ্য জুৰি আৰম্ভ কৰিব।আজি অসমৰ অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কয় যে অলিম্পিক সন্থাই গ্ৰাছৰুট অলিম্পিক মিছন টেলেণ্ট শীৰ্ষ এক কাৰ্য্যসূচী আৰম্ভ কৰিব।এই কাৰ্য্যসূচীৰ অধীনত ১০বছৰৰ পৰা ৬০বছৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব।প্ৰতিযোগিতা ৫শাখাত অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে ইতিমধ্যে ক্ৰীড়া পঞ্জী প্ৰস্তুতকৰণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ জাৰি দিছে।

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত