পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তবর্তী বৃহত্তৰ ৰাণী অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণে ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে। বিগত এটা দশকত হাতী – মানুহৰ সংঘাটৰ ফলত পুৰুষ – মহিলা নিৰ্বিশেষে কেবাজনো নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ – দুৱাৰসহ সা- সম্পত্তি , খেতি – বাতিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বছৰ বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত সীমান্তবাসী ৰাইজে সুঁৱৰিছে ত্রাহি মধুসূধন। এই সমস্যাৰ পৰা ৰাইজক কিছু সকাহ দিয়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে “উই ফাউণ্ডেশ্যন ইণ্ডিয়া” , “লাছা শ্বেয়াৰ এণ্ড কেয়াৰ ফাউণ্ডেশ্যন” নামৰ দুটা অগ্ৰণী অনা চৰকাৰী সংগঠন। দুই জুলাইৰ দিনা দুয়োটা সংগঠনৰ সহযোগত আৰু বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তত্বাৱধানত হাতী মানুহৰ সংঘাট প্ৰশমন কাৰ্যসূচীৰ অংশ হিচাপে ৰাণীৰ মেঘালয় সীমান্তবৰ্তী মৈৰাপুৰ,নালাপাৰা আৰু সৰুপানী – গাৰোপাৰা অঞ্চলত এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত হাতীৰ বিচৰণ এলেকাত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পথৰ দাঁতিত কেবাখনো সতৰ্কতামূলক ফলক লগোৱা হয় । এই পথেৰে অহা যোৱা কৰা পথিক আৰু জনসাধাৰণক হাতীৰ বিচৰণৰ বিষয়ে অবগত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। আনহাতে ফলক লগোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া অশোক কুমাৰ দেৱচৌধুৰী, ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মন, উই ফাউণ্ডেশ্যন ইণ্ডিয়াৰ জেষ্ঠ বিষয়া নীলোৎপল মহন্ত, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দিনেশ নাথ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা সংগীতা দাসে । অনুষ্ঠানত উদীয়মান কৃষক জোন ৰাভা, আদৰ্শ কৃষক শিৱ ঠাকুৰীয়াকে ধৰি অৰ্দ্ধ শতাধিক কৃষক আৰু ৰাইজ উপস্থিত আছিল।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram