অসমীয়া সাহিত্যৰ নীৰৱ সাধক অনন্ত ৰাম দাসৰ স্মৃতিত গঠিত অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনে প্ৰতিবছৰে অসমীয়া শিশু সাহিত্যৰ প্ৰকাশিত গ্ৰন্থৰ ওপৰত অনন্তবন বঁটা আগবঢ়াই আহিছে ৷ এইবাৰো ২০১৯ বৰ্ষৰ শিশু সাহিত্যৰ অনন্তবন বঁটা বিশিষ্ট লেখিকা মনোৰমা ভুঞালৈ আগবঢ়োৱা হৈছে ৷ আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ প্ৰধান সম্পাদক কবিন দাসে জানিবলৈ দিয়ে যে নীৰৱ সাধনাৰে উনপঞ্চাশখন নাটক .দুখন কবিতা পুথি . সাতখন উপন্যাস . ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ জন্ম বৰপেটা সত্ৰৰ সমীপত নহাটীত ৷শৈশৱতে টাইফয়ড জ্বৰত আক্ৰান্ত হৈ বাক্ আৰু শ্ৰৱণ শক্তি হেৰুৱাই যদিও একান্ত সাধনা .কঠোৰ জীৱন সংগ্ৰাম আৰু সৃষ্টিৰ দুৰন্ত হেঁপাহৰ বাবে সাহিত্য জগতলৈ বিশেষ অবদান দি গৈছে ৷তেখেতৰ স্মৃতি ৰক্ষাৰ্থে গঠিত অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনে প্ৰতিবছৰে অসমীয়া ভাষা সহিত্যলৈ অৱদান আগবঢ়াই যোৱা সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ ১৯ জুলাইৰ মৃত্যুৰ দিনটো স্মৃতি দিৱস হিচাপে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি আহিছে ৷ এই বছৰো স্মৃতি দিৱস উপলক্ষে অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ সৰ্বস্ব সন্মান ২০১৯ বৰ্ষৰ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা নৃপেন ৰয়লৈ আৰু শিশু সাহিত্যৰ অনন্তবন বঁটা মনোৰমা ভূঞালৈ তেখেতৰ “ন-টি মনোৰম কাহিনী ” শীৰ্ষক শিশু গ্ৰন্থখনৰ বাবে আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে বিশিষ্ট লেখিকা মনোৰমা ভুঞা ৰহা নগাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী৷ তেখেতে নিৰবিচ্ছিন্নভাবে সাহিত্য চৰ্চাত ব্ৰতী হৈ দহখনৰো অধিক শিশুগ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে ৷আনহাতে স্মৃতি প্ৰকাশনৰ দ্বাৰা আয়োজিত নিভাৰাণী দাস স্মাৰক সাহিত্য প্ৰতিয়োগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে৷শ্ৰেষ্ঠ গল্পকাৰ গুৱাহাটীৰ ৰীতু গগৈ .শ্ৰেষ্ঠ নাট্যকাৰ শোণিতপুৰ জিলাৰ স্তুতি বন্দনা বৰকাকতি আৰু শ্ৰেষ্ঠ কবি পাঠশালাৰ প্ৰদীপ কুমাৰ দাস ৷ উক্ত এই তিনিও গৰাকী শ্ৰেষ্ঠ বিজয়ি প্ৰতিযোগীকে অহা ১৯ জুলাইত অনন্ত ৰাম দাসৰ সপ্তদশ বাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি সভাত নিভাৰাণী দাস স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হ’ব বুলি প্ৰকাশনৰ প্ৰধান সম্পাদক কবিন দাসে জনাইছে ৷

পেণ্ডেলৰ ব্যৱসায়ে স্বাৱলম্বী হোৱা এজন যুৱকৰ কথাৰে
বন্ধন বেংকৰ ঋণ লৈ ডিজিটেল পেণ্ডেলৰ ব্যৱসায় কৰি স্বাৱলম্বী হ’ল বিহালীৰ নিবনুৱা যুৱক নিৰ্মল গোৱালা।বিশ্বনাথ জিলাৰ বালিপুখুৰী এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰি মোহ ত্যাগ কৰি ডিজিটেল পেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈ পৰিছে।
প্ৰথম পৰ্যায়ত তেখেতে খেতি পথাৰ কৰি সৰুকৈ এখন গেলামালৰ দোকান আৰম্ভ কৰিছিল।বৰ্তমান সময়ত ডিজিটেল প্ৰাধান্য সকলোতে আছে।সেয়েহে তেওঁ সময়ৰ লগত খোজ মিলাই নতুনকৈ আৰম্ভ কৰিছে ডিজিটেল পেণ্ডেল।
এই ডিজিটেল পেণ্ডেল বিশ্বনাথত আৰম্ভ কৰা প্ৰথমজন ব্যক্তি হৈছে গোৱালা।মাত্ৰ দুহেজাৰ টকাৰে আৰম্ভ কৰি আজি তাৰিখত প্ৰায় পাঁচ লাখ টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা লগতে বিশ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ব্যক্তি গৰাকীয়ে।
ভিউৱাছৰ মতামত