অভিনন্দন অনুষ্ঠান সম্পন্ন

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, দক্ষিণ কামৰূপ শাখাৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যোৱা ২১ জুলাইত পলাশবাৰীৰ উপৰহালীস্থিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়‌। এই উপলক্ষে পুৱা ৯.১৫ বজাত সমবেত সঙ্গীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে তাৰ্কিক, অনুবাদক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা, আমন্ত্ৰিত অতিথি হিচাপে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ শাখাৰ সম্পৰ্কত  ৰাজীৱ কুমাৰ শৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা মূলক ভাষণ দিয়াৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে‌। ইয়াৰ পিছতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা প্ৰায় ১২৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। শেষত এক সাংস্কৃতিক অনুষ্ঠানৰে অনুষ্ঠানটোৰ সফল সামৰণী পৰে।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে.. 

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

কানাডা চলচিত্ৰ মহোৎসৱত সন্মান আজুৰিলে বড়ো অভিনেত্ৰীয়ে

কানাডাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সন্মানিত হৈছে বড়ো অভিনেত্ৰী পানছি ব্ৰহ্ম।

Dusk ছবিখনৰ বাবে তেওঁ সন্মানিত হৈছে।এই ছবিখন পৰিচালনা কৰিছে উজ্বল প’লে আৰু সহযোগী অভিনেতা মনোজ কৰে।উল্লেখযোগ্য যে পানছি ব্ৰহ্ময়ে আন্তৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ সন্মানৰ বাবে নিৰ্বাচিত হৈছে।আন্ত:ৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত নিৰ্বাচিত হোৱা পানছি ব্ৰহ্ম প্ৰথমগৰাকী বড়ো অভিনেত্ৰী।

মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিজয়া দশমী তথা দশেৰাৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অনুষ্ঠানৰ জৰিয়তে প্ৰথমতে প্ৰধান গৰাকীয়ে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

 

 

লগতে মন কি বাত অনুষ্ঠানৰ জৰিয়তে আহি থকা দিনবোৰতো আৰু অধিক সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়ে মোডীয়ে।আনহাতে উৎসৱৰ আনন্দৰ মাজত যাতে দেশৰ জনতাই  দেশৰ বীৰ সন্তান সকলৰ কথা পাহৰি নাযায় সেই কথাও ব্যক্ত কৰে।সীমান্তত দায়িত্ব থকা জোৱানসকলৰ বাবে নিজৰ ঘৰত মাটি চাকি জ্বলোৱা আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এগৰাকী চিকিৎসকে শিশুৰ বাবে এখন উদ্যান আগবঢালে

পূজা বতৰত শিশু সকললৈ পূজা উপহাৰ আগবঢ়ালে এগৰাকী চিকিৎসকে ।তিনিচুকীয়া জিলা ডিগবৈ ৰশ্মিতা উপাধ্যায় নামৰ চিকিৎসক গৰাকীয়ে সপ্তমী দিনা এখন শিশু উদ্যান আগবঢালে।

 

চিকিৎসক গৰাকীয়ে ডিগবৈ বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত পিতৃ মাতৃ সোঁৱৰণত এখনি শিশু উদ্যান স্থাপন কৰে। এই শিশু উদ্যান খন শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° নাৰায়ণ উপাধ্যায় । উল্লেখযোগ্য যে চিকিৎসক গৰাকী এনে মহানুভৱতাক অঞ্চলবাসীয়ে শলাগ লয়।

জিৰাফক চাহ বাগিছাৰ মাজত ৰাখিছে,কিন্তু কিয়

হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ নুমলীগড় চাহ বাগিচাৰ কর্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যৱস্থা।

 

উল্লেখযোগ্য যে ধলাগুৰি চাহ বাগিচাত চাহ বাগানৰ মাজত স্থাপন কৰিছে এক জিৰাফৰ  কাঠৰ প্ৰতিমূৰ্তি । চাহ বাগিচাৰ কর্তৃপক্ষই বিশ্বাস কৰে যে বনৰীয়া হস্তীয়ে এই জিৰাফক দেখিলে দূৰতে বিদূৰ হ’ব। সেইসূত্রে তেওঁলোকে জিৰাফৰ প্ৰতিমূৰ্তি বাগিচাত স্থাপন কৰিছে।

উল্লেখযোগ্য যে এই প্ৰকাণ্ড কাঠৰ জিৰাফটো দেখিলে বন্যহস্তী যাক আঁতৰি যায়।যি সময়ত হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে,সেই সময়ত বাগিচাৰ কৰ্তৃপক্ষই জিৰাফক বাগিছাত স্থাপন কৰি নিৰ্দশন দাঙি ধৰিছে।