অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আন্তঃ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা ।অহা ২৬ আৰু ২৭ জুলাইত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত দেশৰ লগতে আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব ।এই সম্পৰ্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এক সংবাদ মেলত সংস্থাটোৰ সাধাৰণ সম্পাদক অনুপ ৰাজখোৱাই কয় যে আন্তঃ ৰাষ্ট্ৰীয় ৰেংকিং পাঞ্জা প্ৰতিযোগিতা দ্বিতীয় বাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছে।ইয়াৰ পূৰ্বে বাংগালোৰত এই প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল।জি এম চি এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ বাবে ইতিমধ্যে ইৰাণ, বাংলাদেশৰ প্ৰতিনিধিয়ে নাম পঞ্জীয়ন কৰিছে।আগ্ৰহীসকলে নাম পঞ্জীয়ন কৰিবলৈ www.bulldogarmwrestling.com ল’গ অন কৰিব পাৰে।ডিব্ৰুগড়ৰ স্বেচ্ছাসেৱী সংগঠন পূৰ্ণ বিকাশ সংস্থাৰ উদ্যোগত আৰু বুলডগ স্প’ষ্টৰ্ছ সহযোগত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল,জুবিন গাৰ্গ উপস্থিত থাকিব ।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত