সৈনিক সমাৰোহ অনুষ্ঠিত

0 219

শিৱসাগৰ সৈনিক কল্যাণ কাৰ্য্যালয়ৰ সৌজন্যত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখনি প্ৰাক্তন সৈনিক সমাৰোহৰ আয়োজন কৰা হয়।শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাক্তন সৈনিকসকল আৰু প্ৰাক্তন সৈনিক সকলৰ বিধবাসকলৰ উপস্থিত আয়োজিত এই সমাৰোহত উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰযোজ্য বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে বিশদ বিৱৰণ দাঙি ধৰে। এই সমাৰোহত উপায়ুক্ত গৰাকীয়ে ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ৰ পৰা অনুমোদিত ১১০ গৰাকী হিতাধিকাৰীলৈ বিভিন্ন কল্যাণমূলক সামগ্ৰী বিতৰণ কৰে। সমাৰোহখনিত সহকাৰী আয়ুক্ত তথা জিলা সৈনিক কল্যাণ বিষয়া গৌৰী প্ৰিয়া দেউৰী উপস্থিত থাকে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে.. 

Leave A Reply

Your email address will not be published.