আজি দক্ষিণ কামৰূপৰ বৰিহাটত শুভাৰম্ভ হ’ল অসমীয়া মাধ্যমৰ প্ৰাক-প্ৰাথমিক বিদ্যালয় বেলি কিডছ্।শিশুৰ সৰ্বাঙ্গীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰত্ন দাস আৰু মিনাক্ষী চৌধুৰীয়ে বেলি কিডছ্ প্ৰতিষ্ঠা কৰে।শিল্পী দিৱসৰ সমান্তৰালভাৱে শুভাৰম্ভণি হোৱা বিদ্যালয়খনৰ অনুষ্ঠানত উপস্থিত থাকে লেখক মইনা গোস্বামী,অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেমানন্দ কাকতী,গিৰিশ দাস,ননীৱালা দাস,লক্ষী ঠাকুৰীয়াৰ লগতে ছবি পৰিচালক হিমাংশু প্ৰসাদ দাস উপস্থিত থাকে।শুভাৰম্ভণি অনুষ্ঠানত খেল ধেমালিৰ মাজেৰে শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে প্ৰৱক্তা ড০ নৱমিতা দাসে গুৰুত্বপূর্ণ মন্তব্য ৰাখে।ৰাজ্যখনত কাঠফুলাৰ দৰে গঢ়ি উঠা বিদ্যালয়বোৰৰ বিপৰীতে অসমীয়া মাধ্যমৰ এই বিদ্যালয়খনে সচেতন ৰাইজ তথা অভিভাৱকসকলৰ মনৰ আশা সঞ্চাৰ কৰিছে।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত