গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহখনি অহা ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব।আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে শিশু নাট্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মাণিক ৰয়,সভাপতি দিলীপ কুমাৰ বৰা,নাট সমাৰোহখনৰ মুখ্য উপদেষ্টা ড০ হিতেশ ডেকা আৰু সভাপতি ডাঃ হিতেশ বৰুৱাই।উল্লেখ্য যে অসম সাংস্কৃতিক সঞ্চালকালয়,অইল ইণ্ডিয়া লিমিটেড আৰু সংগীত নাটক একাডেমীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই নাট্য সমাৰোহখনি উদ্বোধন কৰিব সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেই।এই সমাৰোহখনিত আৰম্ভণিৰ নাট হিচাপে পৰিবেশিত হ’ব মুম্বাইৰ ষ্টৰি চাৰ্কাছ গোষ্ঠীৰ উল্কা ময়ূৰ ৰচিত পৰিচালিত হিন্দী আৰু ইংৰাজী ভাষাৰ নাটক টিক টক টেলচ।উল্লেখযোগ্য যে এই শিশু নাট সমাৰোহত মুম্বাই,দিল্লী,কেৰেলা,ভূপালৰ লগতে অসমৰ দৰং,গোৱালপাৰাৰ মুঠ ৯ টা নাট্য দলৰ শিশু নাটক পৰিবেশিত হ’ব।লগতে শিশু নাট সমাৰোহখনিৰ অংকুৰ শীর্ষক এখনি মুখপত্র উন্মোচিত হ’ব।সংবাদমেলখনত নাট সমাৰোহৰ উপদেষ্টা বন্দিতা ফুকন আৰু জিতেন শৰ্মা উপস্থিত থাকে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী