গুৱাহাটীৰ বেলতলা বশিষ্ঠপুৰৰ পাছপ’ৰ্ট কাৰ্যালয়ৰ সমীপত আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।উল্লেখ্য যে মাৰোৱাৰী হস্পিতালে উত্তৰ পূব ক্ষুদ্র বিত্তীয় বেংকৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে।এই শিবিৰত মাৰোৱাৰী হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিপুল কুমাৰ বৰুৱা আৰু ডাঃ শংকৰ বৰাই ১০৫ জনতকৈ অধিক ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়।বিশেষকৈ ৰোগীসকল জ্বৰ,কাঁহ,গা আৰু গাঠিৰ বিষ,পেটৰ বিষ,ডায়েবেটিচ ইত্যাদি ৰোগত আক্রান্ত হোৱা ২০ জন ৰোগী এই শিবিৰত ই চি জি পৰীক্ষণ কৰা হয়।ইয়াৰোপৰি ৰোগীসকলক বিনামূলীয়া ঔষধ,ডায়েবেটিচ পৰীক্ষণ,ৰক্তচাপ পৰীক্ষণ,ওজন জোখাৰ লগতে বিনামূলীয়া ডাক্তৰৰ পৰামৰ্শ প্ৰদান কৰে।উল্লেখযোগ্য যে এনেধৰণৰ বিনামূলীয়া শিবিৰে সমাজলৈ সদায় এক সুস্থ বাৰ্তা কঢ়িয়াই আনে।
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি