উত্তৰ পূবৰ অগ্ৰণীয় চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্টে সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশস্বৰুপে কালিলৈ বিনামূলীয়া চকু পৰীক্ষণ তথা কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰিব। চকু অস্ত্ৰোপচাৰ কেন্দ্র প্ৰতিষ্ঠান আই ডক্টৰচৰ চিকিৎসক ডাঃ বিন্দু সিংগলাৰ নেতৃত্বত এটা দলে যোৰাবাটত এই শিবিৰ অনুষ্ঠিত কৰিব।জানিব পৰা মতে ঔষধ আৰু চছমা বিতৰণ কৰাৰ উপৰিও অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা সকলো ঔষধ বিনামূলীয়াকৈ যোগান ধৰিব।এই সম্পর্কে আজি হোটেল প্ৰগতি মেনৰত অনুষ্ঠিত এক সংবাদমেলত টপচেম চিমেণ্টৰ বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে ২০১৮ চনৰ পৰা বিনামূলীয়াকৈ চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে।কিছুমান নিৰ্বাচিত অঞ্চলৰ দুখীয়া ৰোগীক এই সেৱা প্ৰদান কৰি আহিছে ।কালিলৈ ৫০ গৰাকী ৰোগীৰ কেটেৰেক্ট অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিম।স্মৰ্তব্য যে অতিসৰণ বিসংগতি,গ্ল’কমা,কেটেৰেক্ট আদি সমস্যাৰ ৰোগীক চকু অস্ত্ৰোপচাৰ কৰিব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud