টপচেম চিমেণ্টে বিনামূলীয়াকৈ চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিব

0 231

উত্তৰ পূবৰ অগ্ৰণীয় চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্টে সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশস্বৰুপে কালিলৈ বিনামূলীয়া চকু পৰীক্ষণ তথা কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰিব। চকু অস্ত্ৰোপচাৰ কেন্দ্র প্ৰতিষ্ঠান আই ডক্টৰচৰ  চিকিৎসক ডাঃ বিন্দু সিংগলাৰ নেতৃত্বত এটা দলে যোৰাবাটত এই শিবিৰ অনুষ্ঠিত কৰিব।জানিব পৰা মতে ঔষধ আৰু চছমা বিতৰণ কৰাৰ উপৰিও অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা সকলো ঔষধ বিনামূলীয়াকৈ যোগান ধৰিব।এই সম্পর্কে আজি হোটেল প্ৰগতি মেনৰত অনুষ্ঠিত এক সংবাদমেলত টপচেম চিমেণ্টৰ বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে ২০১৮ চনৰ পৰা বিনামূলীয়াকৈ  চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে।কিছুমান নিৰ্বাচিত অঞ্চলৰ দুখীয়া ৰোগীক এই সেৱা প্ৰদান কৰি আহিছে ।কালিলৈ ৫০ গৰাকী ৰোগীৰ কেটেৰেক্ট অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিম।স্মৰ্তব্য যে অতিসৰণ বিসংগতি,গ্ল’কমা,কেটেৰেক্ট আদি সমস্যাৰ ৰোগীক চকু অস্ত্ৰোপচাৰ কৰিব।

Leave A Reply

Your email address will not be published.