লক ডাউনৰ সময়ত আৰ্তজনক সকাহ যোগাইছে অসম মীন উন্নয়ন নিগমে।জানিব পৰা মতে অসম মীন উন্নয়ন নিগমে ১৫০০টা দৰিদ্ৰ পৰিয়ালক চাউল,দাইল,তেলকে আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে।সামাজিক দূৰত্ব মানি মৰিগাঁও,নলবাৰী,বৰপেটা,নগাঁও আদিত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিছে।লগতে ক’ৰণা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে সজাগতামূলক কাৰ্য্যসূচী হাতত লৈছে।নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী,পদ্ম কান্ত হাজৰিকা উদ্যোগত এই কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত