বৰ্তমান সময় সৌন্দৰ্য চৰ্চাই সমগ্ৰ ভাৰতত এক বিশেষ সমাদৰ লাভ কৰিছে। অলপতে গুৱাহাটীৰ প্ৰাগজ্যোতিষ আই আই টি সাংস্কৃতিক প্ৰকল্প মাছখোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়া ইন্টাৰনেশ্বনেল ষ্টাৰ আইকণ ৩ শীৰ্ষক প্ৰতিযোগিতাত অসমৰ কিশোৰ কুমাৰ নাথে ইণ্ডিয়া ইন্টাৰনেশ্বনেল ষ্টাৰ আইকন ৱৰ্ল্ড ২০১৯ খিতাপ জয় কৰিব সক্ষম হয়। এই প্ৰতিযোগিতাত অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবা ঠাইৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে কিশোৰ কুমাৰ নাথে ২০২০ চনত বেংককত অনুষ্ঠিত হ’ব লগা ইন্টাৰনেশ্বনেল প্ৰেজেন্ট ষ্টাৰ আইকণ প্ৰতিযোগিতাত ভাৰতবৰ্ষ প্ৰতিনিধিত্ব কৰিব। এই উদ্দেশ্যে ১২ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি এই ক্ষেত্ৰত অসমবাসী ৰাইজৰ সহযোগিতা,আশীৰ্বাদ আৰু মৰম বিচৰাৰ লগতে নিজৰ লক্ষ্য উদ্দেশ্যৰ কথা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীক দুখনকৈ গ্ৰন্থ উপহাৰ দলে অসম পাব্লিচিং কোম্পানীয়ে
সমগ্ৰ দেশতে অভিলেখৰ সৃষ্টি কৰি গুৱাহাটীৰ অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখন কিতাপৰ অসমীয়া সংস্কৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাশক সঞ্জয় কুমাৰ সান্যালৰ হাতৰ পৰা গ্ৰহণ কৰে। এখন কিতাপ হ’ল প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ উদ্দীপনামূলক নিৰ্বাচিত অংশ বিশেষৰ সংকলন মোৰ প্ৰিয় দেশবাসী। কিতাপখনৰ সংকলন কৰিছে নম্ৰতা দত্তই।আনখন কিতাপ হ’ল নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগৰ সময়ছোৱাত কৰা বিভিন্ন উপলদ্ধিৰ প্ৰকাশ আইলৈ চিঠি।
মূল গুজৰাটীৰ পৰা ভাৱনা চোমায়াই ইংৰাজীলৈ কৰা অনুবাদৰ পৰা আইলৈ চিঠিৰ অনুবাদক উৎপল দত্ত।দুয়োখন কিতাপৰ প্ৰচ্ছদ প্ৰসিদ্ধ চিত্ৰশিল্পী সৌৰীশ মিত্ৰৰ আৰু আইলৈ চিঠিৰ অন্তৰ্ভাগৰ অলংকৰণো শ্ৰীমিত্ৰৰেই ।শিৱসাগৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশক শ্ৰীসান্যালক মাতি পঠোৱা হয় আৰু সেই আমন্ত্ৰণ মৰ্মে প্ৰকাশক গৰাকীক প্ৰধানমন্ত্ৰীয়ে নিজৰ কোঠালৈ মাতি নিয়ে তেওঁৰ হাতৰ পৰা কিতাপ দুখন গ্ৰহণ কৰে।
সেই সময়ত প্ৰধানমন্ত্ৰীৰ সতে উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰী সান্যালক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে,প্ৰতিষ্ঠানটিৰ মংগল কামনা কৰে। তেখেতে কয় যে বাধাৰ সন্মুখীন হ’লেও তুমি কাম কৰি যোৱা,কাম বন্ধ নকৰিবা।
প্ৰধানমন্ত্ৰী গৰাকীৰ কেইবাখনো কিতাপ ইতিমধ্যে বিভিন্ন ভাষাত প্ৰকাশ পাইছে যদিও একেলগে এটা ভাষাত দুখন কিতাপ প্ৰকাশ হোৱাটো এয়াই প্ৰথম।প্ৰকাশক শ্ৰী সান্যালে কয় আমাৰ প্ৰকাশনৰ স্বৰ্ণজয়ন্তী উপলক্ষে প্ৰকাশ কৰা কেইখনমান বিশেষ কিতাপৰ মাজৰ এই দুখন কিতাপৰ প্ৰকাশ অকল মোৰ বাবেই নহয় অসমৰ সকলো প্ৰকাশকৰ বাবেই গৌৰৱৰ বিষয়। মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজ আগ্ৰহ প্ৰকাশ কৰি নিজ হাতে দুখন অসমীয়া কিতাপ গ্ৰহণ কৰাটো অসমীয়া গ্ৰন্থ প্ৰকাশন উদ্যোগৰ বাবে সন্মানজনক বুলি মই বিবেচনা কৰো।মই বিশ্বাস কৰো আমি অসমত নেচনেল লাইব্ৰেৰী দৰে বা তেনে জাতীয় বিশাল প্ৰতিষ্ঠান এটি বিচাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশ্চয় সহাঁৰি জনাব।
ভিউৱাছৰ মতামত