ধিঙৰ এজন যুৱকে সাজি উলিয়ালে ৪জনকৈ বহিব পৰা এখন বিশেষ স্কুটাৰ।ধিঙৰ অতুল দাস নামৰ এজন যুৱকজনে নিজ চেষ্টাৰ বলত সাজি উলিয়াইছে এই বিশেষ স্কুটাৰখন।বজাৰত সচৰাচৰ উপলব্ধ স্কুটাৰতকৈ ব্যতিক্ৰমী এই স্কুটাৰখন নিৰ্মাণ কৰি উলিওৱাৰ পিছতে এতিয়া চৰ্চা লাভ কৰিছে যুৱকজনে।জানিব পৰা মতে, অতুল দাস নামৰ যুৱকজন পেছাত এজন মটৰ চাইকেল মেকানিক।তেওঁ ধিং চাৰিআলিত এ,ডি অটোম`বাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ স্বত্বাধিকাৰী।যুৱক জনে সুদীৰ্ঘ তিনি বছৰৰ অন্তত ৩০ হেজাৰ ব্যয়েৰে এই বিশেষ স্কুটাৰ খন নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয়।সম্প্ৰতি যুৱক জনৰ এই উদ্ভাৱনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি