এন আৰ এলক সৰ্বোত্তম পৰিচালিত কোম্পানী২০২০ বঁটাৰে পুৰস্কৃত

নুমলীগড় ৰিফাইনেৰী লিমিটেডক অগ্ৰণী ৰাষ্ট্ৰীয় পেছাদাৰী সংস্থা দ্য ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটাৰীজ অব ইণ্ডিয়াৰ দ্বাৰা কৰ্পোৰেট পৰিচালনাত উৎকৃষ্টতাৰ বাবে সৰ্বোত্তম পৰিচালিত কোম্পানী আনলিষ্টেড লাৰ্জ হিচাপে ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত কৰিছে।প্ৰতিষ্ঠানটিয়ে এনআৰএলৰ কোম্পানী সচিব শ্ৰী এইচ কে শৰ্মাক বৰ্ষটোৰ গৱৰ্ণেন্স প্ৰফেছনেল হিচাপেও পুৰষ্কৃত কৰিছে।
এখন প্ৰশস্তি পত্ৰ আৰু ট্ৰফী সন্নিবিষ্ট এই বঁটাটো এনআৰএলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাক অধ্যক্ষ আশিষ গাৰ্গে দ্বাৰা যোৱা ১৩ জানুৱাৰীত নতুন দিল্লীত প্ৰদান কৰা হয়।পুৰস্কাৰ সমাৰোহত ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰে ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় ৰেল,বাণিজ্য আৰু উদ্যোগ,উপভোক্তা পৰিক্ৰমা,খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী পীয়ূশ গোৱেল ,আদিত্য বিৰলা গ্রুপৰ অধ্যক্ষ কুমাৰ মঙ্গলম বিৰলা আৰু আইচিএছআইৰ সদস্য সকলে।কৰ্পোৰেট গৱৰ্ণেন্সত এই আইচিএছআই ৰাষ্ট্ৰীয় বঁটাটিয়ে কৰ্পোৰেট গৱৰ্ণেন্সত প্ৰচলিত সৰ্বোত্তম প্ৰথাক স্বীকৃতি প্ৰদান কৰে আৰু কৰ্পোৰেট খণ্ডত ভাল গৱৰ্ণেন্স আৰু সামাজিক দায়বদ্ধতাৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

অসম ভিত্তিত চিঠি লিখা প্ৰতিযোগিতা

এয়া মম এডাল জ্বলাই লৈছো।আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি । বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি । চাওঁ খিৰিকীখন জপাই দিও।

এয়া হেঁপাহেৰে লিখা এখন চিঠিৰ কিয়দাংশ ।চিঠিৰ ভিতৰত থকা এনেবোৰ শব্দই হৃদয় চুই যায় । কঁপাই তোলে বুকুৰ অবুজ শিহৰণ । এনেবোৰ হৃদয়স্পৰ্শী শব্দই ৰোমাঞ্চিত কৰি তোলে প্ৰতিজন হৃদয়বান লোকক। চিঠিৰ মাজত থকা আলফুলীয়া শব্দই অনুভৱৰ সুবাস – সৌন্দৰ্যৰ মাদকতাই বুকুৰ ভিতৰত জগাই তোলে মিঠা মিঠা কুহুমীয়া বিষ । পিছে আজি উন্নতিৰ জখলাত খোজ দিয়া মানুহে চিঠিৰ মাদকতা জানো ল’ব পাৰিছে ।ক্ৰমে অতীত হ’ব খোজা চিঠিৰ মাদকতা উপলব্ধি কৰিবলৈ সেই আগৰ দৰে মমডাল জ্বলাই দুৱাৰ খিৰিকী বন্ধ কৰি চিঠি লিখাৰ অভ্যাস কৰিবলৈ আজি জানো সময় উলিয়াব পাৰিব ? কম্পিউটাৰ তথা মোবাইলৰ ফেচবুক, হোৱাটছএপ, ইণ্টাৰনেট বিপ্লৱৰ ধামখুমিয়াত পৰি চিঠিৰ ঐতিহ্য, সুবাস সৌন্দৰ্য আৰু মধুৰতাৰ পৰা বঞ্চিত হৈছে আজিৰ উদিত প্ৰজন্ম । সমগ্ৰ বিশ্বক বিশ্বায়নৰ ধুমুহাই গো গ্রাসে গিলি কম্পিউটাৰ ইণ্টাৰনেট মোবাইলে চিঠিবোৰ কৰি পেলালে গুৰুত্বহীন । মন প্ৰশান্তি কৰা চিঠিবোৰ বিলুপ্তি হ’বলৈ ধৰাত অসমীয়া ভাষাটোয়েও অস্তিত্ব সংকটত ভুগিবলৈ আৰম্ভ কৰিলে । ক্ষুদ্ৰ গাঁৱলৈ সংকুচিত হোৱাৰ সময়ত নীলা খামৰ চিঠি বা বন্ধু প্রিয়জন,আত্মীয়স্বজন আদিলৈ সময় খৰচ কৰি কোনেও নিলিখা হ’ল, নপঠোৱা হ’ল শুভেচ্ছা সম্পৰ্কীয় ভিন্ন ৰঙীন কাৰ্ড ।বিজ্ঞানৰ কোবাল ঢৌয়ে হাতে লিখা চিঠিক প্ৰবল প্ৰত্যাহ্বান জনায় উন্নতিৰ উচ্চ শিখৰলৈ আগুৱাই নিয়াৰ সময়তে ক্ৰমাৎ মানুহৰ হৃদয়বোৰ হৈ পৰিছে কঠিন, আৰু হৃদয়ত যান্ত্ৰিকতা বৃদ্ধি পোৱাৰ লগতে হেৰুৱাবলগীয়া হৈছে স্বকীয় ভাষা কৃষ্টি-সংস্কৃতি । হৃদয়ৰ অনুভূতিৰে ভৰা আন্তৰিকতাৰ গভীৰ প্ৰত্যয়বোৰ যেন মানুহে বৰ্তমান হেৰুৱাই পেলাইছে । কেৱল নীলা খামৰ চিঠি বা প্ৰেমৰ চিঠিয়েই নহয় , সামগ্ৰিকভাৱে চিঠি নামৰ শব্দটোৱেই পাহৰণিৰ গৰ্ভত জাহ যোৱাত বিপদ ঘণ্টা বাজিল । বিস্মৃতিৰ বিশাল গৰ্ভত অতীত হ’ব খোজা চিঠিবোৰ উঠি অহা প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ ঐতিহ্যৰে বিশ্ব সাহিত্য সৃষ্টি কৰা চিঠিবোৰক পুনুৰুজীৱিত আৰু চিঠি লিখা ,পঢ়া আমেজৰ কথা সোঁৱৰাই ডিজিটেল পৰ্টেল চেনেল আজিৰ খবৰ আৰু অগ্ৰণী সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ইন্সপিৰেশ্যনৰ উদ্যোগত এজাক সেউজ সন্ধানী যুৱক যুৱতীয়ে হৃদয় উদ্ধেলিত কৰা ,অফুৰন্ত আনন্দ দিয়া হেৰাই যোৱা চিঠিক এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে জীয়াই তোলাৰ প্ৰয়াস কৰিছে । কাউৰী ঠেঙীয়া আখৰৰ মাজত থকা হৃদয়স্পৰ্শী অনুভৱবোৰ আৰু প্ৰবল কল্পনা শক্তিৰে কবিতাৰ গদ্যৰ দৰে বিশ্ব সাহিত্য সৃষ্টি কৰা মনৰ সপোনৰ ভাষাবোৰক বৰ্তমানৰ বিশ্বায়নৰ যুগটো যাতে ম্লান কৰিব নোৱাৰে তাৰ উদ্দেশ্যৰে মানুহে মানুহৰ বাবে চিন্তা কৰিব পৰাকৈ ,হৃদয়ে হৃদয়ৰ লগত বন্ধুত্ব কৰিব পৰাকৈ পুনৰ চিঠি লিখা অভ্যাস গঢ় দিবৰ বাবেই আয়োজন কৰিছে ডাক যোগে নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতা । প্ৰতিযোগিতা দুটা শাখাত হ’ব । দশম শ্ৰেণীৰ পৰা স্নাতকলৈ “ক” শাখা আৰু “খ” শাখাত স্নাতকোত্তৰ পৰা সকলোৰে বাবে মুকলি থাকিব । চিঠিৰ বিষয়- প্ৰেম আৰু বাস্তৱ সময়ৰ যিকোনো বিষয়ক লৈ লিখা হব লাগে । প্ৰতিযোগিতাৰ মাচুল পঞ্চাশ টকা ইন্সপিৰেশ্যনৰ নামত আই পি অৰ জৰিয়তে চিঠিৰ লগত গাঁঠি দিব লাগিব ।প্ৰতিযোগীয়ে সম্পূৰ্ণ নাম ঠিকনা আৰু ফোন নম্বৰ দিয়াটো বাধ্যতামূলক । চিঠি সমূহ ৩০ নৱেম্বৰ ২০২১ ৰ ভিতৰত পঠাব লাগিব । বিজয়ী প্ৰতিযোগীক ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হব । চিঠিৰ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ তেন্তে আজিয়েই এখন চিঠি লিখক। পঠোৱাৰ ঠিকনা “আজিৰ খবৰ”, হীৰক জ্যোতি শৰ্মা- চন্দন কলিতা, মাৰফৎ-নৱ কুমাৰ শৰ্মা ,হাউচ নম্বৰ-৫২ (এ) বৰবাৰী, বিষ্ণুনগৰ, পুৱাৰাম টেৰং পথ,( প্ৰতীক্ষা হস্পিতালৰ সমীপত),ডাক- হেঙেৰাবাৰী ,গুৱাহাটী-৭৮১০০৬।অথবা ইন্সপিৰেশ্যন,মাৰফৎ – বসন্ত দাস-পাৰ্থ প্ৰতিম দত্ত কৃষ্ণ নগৰ বজাৰ ,জাপৰিগোগ, হাউচ নম্বৰ -১০৬ (এ ) ডাক-দিছ্পুৰ, গুৱাহাটী- ৫ বা ধৰিত্ৰী ডেকা, আজিৰ খবৰ, মাৰফৎ- বড়ো হাৰ্ডৱেৰ ষ্টল, (শ্মশান চকৰ সমীপত) কৃষ্ণনগৰ জাপৰিগোগ,ডাক- জাপৰিগোগ , পিন- ৭৮১০০৫ কামৰূপ মেট্ৰো । সবিশেষ জানিবলৈ 6000699907, 96782 68970 আৰু 73997 11250 নম্বৰত যোগাযোগ কৰিব পাৰিব।

ঢকুৱাখনাত মিচিং সংগঠনৰ প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত

মিচিং জনগোষ্ঠীৰ  সংগ্ৰামী সত্তা স্বৰূপ সদৌ  মিচিং ছাত্ৰ সন্থা,মিচিং সংগ্ৰাম সমিতি আৰু মিচিং মহিলা সমিতিৰ সাংগঠনিক ভেঁটি সুদৃঢ়কৰণ প্রক্রিয়াৰ অংশ হিচাপে এখন  যৌথ প্ৰতিনিধিত্বমূলক সভা বৃহস্পতি বাৰে অনুষ্ঠিত হয় ঢকুৱাখনাত । ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত  খেৰকটা আঞ্চলিকত  কেন্দ্ৰীয় সমিতি আৰু জিলা  সমিতিৰ নেতৃবৰ্গৰ  উপস্থিতিত অনুষ্ঠিত বিশেষ প্ৰতিনিধিত্বমূলক সভাত জাতীয় সংগঠন তিনিটাৰ বুনিয়াদ মজবুত কৰি  স্বজাতিৰ  সৰ্বাংগীন বিকাশৰ বাবে  আত্মনিয়োগ কৰাৰ আহ্বান জনোৱা হয়। স্থানীয় ছাত্ৰ নেতা লিজু দলেৰ সভাপতিত্বত খেৰকটা ৰংগমঞ্চত অনুষ্ঠিত প্ৰতিনিধি সভাত  উদ্দেশ্য বাব্খ্যা কৰে জিলা সমিতিৰ উপ সভাপতি পূৰ্ণ কান্ত দলেয়ে। 
সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মিগাং ৰাজীৱ দলে ,মিচিং মহিলা সমিতিৰ সদস্য ৰেনু দলে ,জিলা সমিতিৰ  সভাপতি নিৰু লাগাছু , মিচিং সংগ্ৰাম সমিতিৰ জিলা সভাপতি দ্বীপেন দলে , জিলা সমিতিৰ সম্পাদক মোহন পেগু , ছাত্ৰ সন্থাৰ জিলা  ভাৰপ্ৰাপ্ত সম্পাদক নৱ কুমাৰ লয়িং,  নাথুৰাম পেগু আদি উপস্থিত থকা প্ৰতিনিধি সভাত  মোহন পেগু , ৰাজীৱ দলে , নাথুৰাম পেগু আদিয়ে বক্তৱ্য ৰাখে ।  নেতৃবৰ্গৰ উপস্থিতিত  সৰ্বসন্মতভাবে  জাতীয় সংগঠন তিনিটাৰ তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়।   সভাত ৰাজকুমাৰ দলেক সভাপতি , ৰাকেশ পেগুক সম্পাদক  হিচাপে লৈ ৩৩ জনীয়া  মিচিং ছাত্ৰ সন্থা , কল্পনা পেগুক সভাপতি  , ববিতা টায়েক সম্পাদক হিচাপেলৈ ৩৫ জনীয়া মিচিং মহিলা সমিতি আৰু শিশু কান্ত দলেক সভাপতি ,স্বৰণেস্বৰ দলেক সম্পাদক  হিচাপেলৈ মিচিং সংগ্ৰাম সমিতিৰ ৩২ জনীয়া খেৰকটা আঞ্চলিক সমিতি কেইখন গঠন কৰা হয়। নৱগঠিত আঞ্চলিক সমিতি কেইখনে অনাগত সময়ত  স্বজাতিৰ শৈক্ষিক,সামাজিক, সাংস্কৃতিক উন্নয়ন বিকাশৰ  লগতে  এখন প্ৰগতিশীল সমাজ গঢ়াৰ স্বাৰ্থত আত্মনিয়োগ কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

এগৰাকী অসম সন্তানৰ চমক-সাজি উলিয়ালে ৪জনকৈ বহিব পৰা এখন বিশষ স্কুটাৰ

ধিঙৰ এজন যুৱকে সাজি উলিয়ালে ৪জনকৈ বহিব পৰা এখন বিশেষ স্কুটাৰ।ধিঙৰ অতুল দাস নামৰ এজন যুৱকজনে নিজ চেষ্টাৰ বলত সাজি উলিয়াইছে এই বিশেষ স্কুটাৰখন।বজাৰত সচৰাচৰ উপলব্ধ স্কুটাৰতকৈ ব্যতিক্ৰমী এই স্কুটাৰখন নিৰ্মাণ কৰি উলিওৱাৰ পিছতে এতিয়া চৰ্চা লাভ কৰিছে যুৱকজনে।জানিব পৰা মতে, অতুল দাস নামৰ যুৱকজন পেছাত এজন মটৰ চাইকেল মেকানিক।তেওঁ ধিং চাৰিআলিত এ,ডি অটোম`বাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ স্বত্বাধিকাৰী।যুৱক জনে সুদীৰ্ঘ তিনি বছৰৰ অন্তত ৩০ হেজাৰ ব্যয়েৰে এই বিশেষ স্কুটাৰ খন নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয়।সম্প্ৰতি যুৱক জনৰ এই উদ্ভাৱনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

২৮ অক্টোবৰৰ পৰা লখিমপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ

লখিমপুৰৰ অভিনৱ থিয়েটাৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ। বুধবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলযোগে এয়া ঘোষণা কৰে উদ্যোক্তাসকলে ৷২৮অক্টোবৰৰ পৰা লখিমপুৰৰ ফুলবাৰীত আৰম্ভ হ’বলগীয়া অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলৰ নাট মঞ্চস্থ হ’ব ৷ উদ্যোক্তাসকলে জনোৱা মতে, ফুলবাৰীৰ ১ নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্প ২৮,২৯,৩০ আৰু ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ ৷অভিনৱ থিয়েটাৰৰ সচিব দয়াল কৃষ্ণ নাথে জনায় যে, এই নাট মহোৎসৱত ভাৰতৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাট মঞ্চস্থ কৰিব ৷ গাঁৱৰ পৰিৱেশত প্ৰছেনিয়াম মঞ্চত প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা প্ৰদৰ্শন কৰা হ’ব দুখনকৈ নাট ৷এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ২৮ অক্টোবৰৰ সন্ধিয়া কলকাতাৰ দক্ষিণেশ্বৰ সংকেট নাট্যদলে প্ৰিয়াংকু ৰয়ৰ পৰিচালনাৰ বঙালী ভাষাৰ নাট ‘ৰুপাই চাজু কথা’ আৰু অভিনৱ থিয়েটাৰৰ দ্বাৰা দয়াল কৃষ্ণ নাথৰ পৰিচালনাত হিন্দী নাট ‘কৰৱা সচ্’ মঞ্চস্থ কৰা হ’ব ৷২৯ অক্টোবৰৰ সন্ধিয়া পশ্চিমবংগৰ শ্ৰীয়ামপুৰ তপস্য গোষ্ঠীয়ে লুম্বিনী কুণ্ডুৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘বিৰোহিনী’, উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শান্তি কালচাৰেল ফাউণ্ডেশ্যনৰ দ্বাৰা জয় ভাৰতীৰ পৰিচালনাত হিন্দী নাট ‘চলিলকুইষ্ট’ ৷ তদুপৰি ধেমাজি জিলাৰ গোগামুখৰ দৌমৰ নাট্যগোষ্ঠীৰ দ্বাৰা প্ৰবীণ দলেৰ পৰিচালনাত মিচিং ভাষাৰ নাট ‘মৰৌ’ মঞ্চস্থ কৰা হ’ব ৷ইয়াৰ পাচত ৩০অক্টোবৰৰ সন্ধিয়া বিহপুৰীয়াৰ ৰুদ্ৰাক্ষ নাট্যগোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কাকতিৰ পৰিচালনাত অসমীয়া ভাষাৰ নাট ‘ঈশ্বৰৰ সন্ধানত’ আৰু আগৰতলাৰ কলাভূমিৰ দ্বাৰা বিদ্যুত জিৎ চক্ৰৱতীৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘অন্তৰ্দহন’ মঞ্চস্থ কৰা হ’ব ৷৩১ অক্টোবৰৰ সন্ধিয়া পশ্চিমবংগৰ গোবৰদাংগা মৃদংগমৰ দ্বাৰা কুশল ডেকাৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘ছায়াকৃত’ আৰু বিহাৰৰ বেগুচৰাইৰ আর্শীবাদ ৰংমণ্ডলৰ দ্বাৰা অমৃত ৰৌচনৰ পৰিচালনাত হিন্দী নাটক ‘কথাকৰজ’ মঞ্চস্থ কৰা হ’ব ৷উক্ত সংবাদমেলত বিহাৰৰ বেগুচৰাইৰ নাট পৰিচালক তথা মধ্য প্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক ৰবি বার্মা উপস্থিত থাকি এই নাট মহোৎসৱৰ সফলতাৰ বাবে ৰাইজৰ পৰা সহায়-সহযোগিতাৰ আশা প্ৰকাশ কৰে ৷ অসমৰ এই নাটৰ উপযোগী পৰিৱেশ দেখি তেওঁ আপ্লুত হোৱা বুলিও মনোভাৱ ব্যক্ত কৰে ।উল্লেখ্য যে, নাট উপভোগৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পত্ৰৰ বাবে 7002728394 নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় অভিনৱ থিয়েটাৰৰ সম্পাদক দয়াল কৃষ্ণ নাথে ৷

অসমৰ জলপৰী আস্থা চৌধুৰীৰ অভিলেখ

ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেনম্পিয়নশ্বিপত এগৰাকী অসম সন্তানে অভিলেখ ৰচনা কৰিছে ।শিৱসাগৰৰ আস্থা চৌধুৰীয়ে ১০০মিটাৰ বাটাৰফ্লাইট স্বৰ্ণপদক লাভ কৰিছে।বাংগালুৰুত ৫দিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৭তম চাবজুনিয়ৰ আৰু ৪৭ তম জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত এই পদক লাভ কৰিছে ।মনকৰিবলগীয়া যে আস্থাই বহুকেইটা ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশলৈ সফলতা লাভ কৰিছিল।

ঘোঁৰামাৰীত ভূপেন্দ্ৰ সংগীতৰ দহদিনীয়া কৰ্মশালা আৰম্ভ

শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী ঘোঁৰামাৰীত ঘোঁৰামাৰী আঞ্চলিক প্ৰেক্ষাগৃহ আৰু জ্যোতি-বিষ্ণু সাংস্কৃতিক ভৱন পৰিচালনা সমিতিৰ উদ্যোগত আজিৰে পৰা ভূপেন্দ্ৰ সংগীতৰ দহদিনীয়া কৰ্মশালা আৰম্ভ হৈছে । কৰ্মশালাখনিত ঘোঁৰামাৰী,বালিপৰা ,পাটগাঁও, ঢেঁকীদল, টুবুকীঝাৰ, বৈঠাভংগা আদি অঞ্চলৰ ভালে সংখ্যক কণ কণ শিশুৱে অংশগ্ৰহণ কৰিছে।অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মুৰুলী নাথ।কৰ্মশালাখনিত লগতে উপস্থিত থাকে সমাজসেৱক প্ৰশান্ত দাস, সংগীতশিল্পী বিনন বড়োৰ লগতে ভালেমান ৰাইজ, বিশিষ্ট ব্যক্তি।উল্লেখ্যে যে, কৰ্মশালাখনি অহা ৩০ অক্টোবৰত সামৰণি পৰিব।