শেহতীয়াভাবে ক’ভিডৰ বাবে দেশৰ আন ৰাজ্যৰ লগতে অসমকে ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা অঞ্চল সমূহত ৰেলসেৱাত কোনো প্ৰভাৱ নপৰে । বৰ্তমান চলি থকা সকলো দূৰণিবটিয়া আৰু স্থানীয় ৰেল সমূহ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি চলাচল কৰি থাকিব । এই মন্তব্য উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অতিৰিক্ত মহা প্ৰৱন্ধক ৰাহুল গৌতমৰ । আজি দিনৰ ভাগত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে অতিৰিক্ত মহা প্ৰবন্ধক ৰাহুল গৌতমে । সংবাদ মেলত ৰাহুল গৌতমে কয় শেহতীয়াভাবে বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বিষয়টোক ৰেলৱে গুৰুত্ব সহকাৰে লৈছে । ৰেলত অহা যোৱা কৰা সকলো যাত্ৰীয়ে যাতে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিড প্ৰ’টকল বিধি মানি চলে তাৰ ওপৰত গুৰুত্বপূৰ্ণ আৰোপ কৰা হৈছে । মাস্ক পৰিধান নকৰাকৈ কোনো লোককে ষ্টেচনত অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ সমান্তৰালভাৱে যাত্ৰীকো ৰেলত উঠিবলৈ দিয়া নহব । দৰকাৰ হলে মাস্ক পৰিধান নকৰা যাত্ৰীৰ পৰা জৰিমনা সংগ্ৰহ কৰা হব । বৰ্তমান অসমকে ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেই সামৰি লোৱা বিভিন্ন ষ্টেচনৰ পৰা দৈনিক গড় হিচাপত ৮০ খন ৰেল চলাচল কৰি আছে । ইয়াৰে ২৭ খন ৰেল হল স্থানীয় । পূৰ্বতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ফালৰ পৰা ৰেলৱে বৰ্ডক যাত্ৰীৰ চাহিদা অনুপাতে প্ৰায় ৪০ খন ৰেল চলাচল কৰোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল । কিন্ত শেহতিয়াকৈ বৃদ্ধি পোৱা ক’ভিডৰ বাবে এই প্ৰস্তাৱ সাময়িকভাৱে স্থগিত ৰখা হৈছে । ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত পালে আৰু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পাছতহে অতিৰিক্ত ৰেল চলাচল কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব । আনহাতে কোনো ধৰণৰ উৰা বাতৰিট গুৰুত্ব নিদিবলৈ আৰু সংবাদ মাধ্যমে যাতে এইক্ষেত্ৰত এক ইতিবাচক ভূমিকা আছে কৰে তাৰ ওপৰত ৰাহুল গৌতমে গুৰুত্ব আৰোপ কৰে । সংবাদ মেলত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক উৎপলাপৰ্ণ হাজৰিকা, মুখ্য বাণিজ্য প্ৰবন্ধক তনবীৰ হাছান , উপ মহা প্ৰবন্ধক প্ৰণৱজ্যোতি শৰ্মা , মুখ্য জনসম্পৰ্কী বিষয়া শুভানন চন্দ উপস্থিত থাকে ।
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি