শেহতীয়াভাবে ক’ভিডৰ বাবে দেশৰ আন ৰাজ্যৰ লগতে অসমকে ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা অঞ্চল সমূহত ৰেলসেৱাত কোনো প্ৰভাৱ নপৰে । বৰ্তমান চলি থকা সকলো দূৰণিবটিয়া আৰু স্থানীয় ৰেল সমূহ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি চলাচল কৰি থাকিব । এই মন্তব্য উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অতিৰিক্ত মহা প্ৰৱন্ধক ৰাহুল গৌতমৰ । আজি দিনৰ ভাগত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে অতিৰিক্ত মহা প্ৰবন্ধক ৰাহুল গৌতমে । সংবাদ মেলত ৰাহুল গৌতমে কয় শেহতীয়াভাবে বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বিষয়টোক ৰেলৱে গুৰুত্ব সহকাৰে লৈছে । ৰেলত অহা যোৱা কৰা সকলো যাত্ৰীয়ে যাতে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিড প্ৰ’টকল বিধি মানি চলে তাৰ ওপৰত গুৰুত্বপূৰ্ণ আৰোপ কৰা হৈছে । মাস্ক পৰিধান নকৰাকৈ কোনো লোককে ষ্টেচনত অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ সমান্তৰালভাৱে যাত্ৰীকো ৰেলত উঠিবলৈ দিয়া নহব । দৰকাৰ হলে মাস্ক পৰিধান নকৰা যাত্ৰীৰ পৰা জৰিমনা সংগ্ৰহ কৰা হব । বৰ্তমান অসমকে ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেই সামৰি লোৱা বিভিন্ন ষ্টেচনৰ পৰা দৈনিক গড় হিচাপত ৮০ খন ৰেল চলাচল কৰি আছে । ইয়াৰে ২৭ খন ৰেল হল স্থানীয় । পূৰ্বতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ফালৰ পৰা ৰেলৱে বৰ্ডক যাত্ৰীৰ চাহিদা অনুপাতে প্ৰায় ৪০ খন ৰেল চলাচল কৰোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল । কিন্ত শেহতিয়াকৈ বৃদ্ধি পোৱা ক’ভিডৰ বাবে এই প্ৰস্তাৱ সাময়িকভাৱে স্থগিত ৰখা হৈছে । ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত পালে আৰু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পাছতহে অতিৰিক্ত ৰেল চলাচল কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব । আনহাতে কোনো ধৰণৰ উৰা বাতৰিট গুৰুত্ব নিদিবলৈ আৰু সংবাদ মাধ্যমে যাতে এইক্ষেত্ৰত এক ইতিবাচক ভূমিকা আছে কৰে তাৰ ওপৰত ৰাহুল গৌতমে গুৰুত্ব আৰোপ কৰে । সংবাদ মেলত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক উৎপলাপৰ্ণ হাজৰিকা, মুখ্য বাণিজ্য প্ৰবন্ধক তনবীৰ হাছান , উপ মহা প্ৰবন্ধক প্ৰণৱজ্যোতি শৰ্মা , মুখ্য জনসম্পৰ্কী বিষয়া শুভানন চন্দ উপস্থিত থাকে ।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী