অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অ়়ন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা টাই ভাষা ডিজিটেল মাধ্যমৰ জৰিয়তে এতিয়া লিখিব পাৰিব।এই সুখবৰটো কঢ়িয়াই আনিছে ইউনিক’ডৰ কী পেড এপে।লখিমপুৰৰ ঘিলামৰাৰ উৎপল ফুকন নামৰ যুৱক জনে টাই ভাষা লিখিব পৰা কী বৰ্ড প্ৰস্তুত কৰি উলিয়াইছে ।জাহ্নৱী নামৰ প্ৰকল্পটোৰ জৰিয়তে তেখেতে ২০১৭ চনৰ পৰা কী পেড প্ৰস্তুতকৰণৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছিল।অৱশেষত ১৯ আগষ্টত গুগল প্লে ষ্টৰ উপলব্ধ কৰিবলৈ সক্ষম হ’ল ।জানিব পৰা মতে গুগল প্লে ষ্টৰত অাহোম কী বৰ্ড বুলি উপলব্ধ ।উল্লেখযোগ্য যে তেখেতে ইতিপূৰ্বেও অসমীয়া ভাষা ডিজিটেলি প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত