শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত

0 324

দুলীয়াজানৰ শিক্ষয়িত্ৰী নিজু ৰাভা গগৈক কৃৰ্তি শিক্ষকৰ বঁটাৰ বাবে ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচন নামৰ বেচৰকাৰী সংগঠনটোৱে নিৰ্বাচিত কৰিছে। অহা ৮ ছেপ্তেম্বৰত সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা ‘শিক্ষক প্ৰশিক্ষকৰ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰিব। আনহাতে ১৫ ছেপ্তেম্বৰত গোৱাত অনুষ্ঠিত হ’বলগীয়া আন এক অনুষ্ঠানত ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনে তেওঁক কৃৰ্তি শিক্ষকৰ বঁটা প্ৰদান কৰিব। উল্লেখ্য যে দুলীয়াজানৰ পূব জালনী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিজু ৰাভা গগৈয়ে দীৰ্ঘদিনৰ পৰা শিক্ষক প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আহিছে। শিক্ষয়িত্ৰী নিজু ৰাভা গগৈৰ এই সাফল্যই বৃহত্তৰ দুলীয়াজানৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

Leave A Reply

Your email address will not be published.