কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে গুৱাহাটী উন্নয়ন নিগমে লোৱা ব্যৱস্থাৱলীৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আজি এক পৰ্য্যালোচনাত মিলিত হয়।বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে নৰ্দমা আৰু জলাশয় সমূহ মে’ মাহৰ প্ৰথম সপ্তাহত পৰিস্কাৰ কৰিবলৈ গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে।
মহানগৰীৰ কৃত্ৰিম বানপানীৰ সম্ভাৱনা থকা এলেকা সমূহত বিভাগৰ দ্বাৰা জনসজাগতা মূলক কাৰ্য্যসূচী হাতত লোৱাৰ বাবে বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে ।এই সজাগতা কাৰ্য্যসূচীত সাংবাদিক সকলক জৰিত কৰাৰ পোষকতা কৰে।
আজিৰ বৈঠকত ষ্ট্ৰীট লাইট, এন ডি আৰ এফ, এছ ডি আৰ এফ, শিলসাঁকো বিলৰ পৰা জলজ উদ্ভিদ নিস্কাষণ ,ফ্লাড ফ্ৰী গুৱাহাটী মিছনৰ সম্পৰ্কে আলোচনা কৰে।বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে ।
ভিউৱাছৰ মতামত