অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শেষ কৰ্মস্থলী তথা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত আৰু শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰৰ সহযোগত ৩০ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে ‘প্রাচীন সাঁচিপতীয়া পুথিৰ পঠন আৰু সংৰক্ষণ’ শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰি কৰ্মশালাখন উদ্ধোধন কৰে শ্রীশ্রী মধুপুৰ ধাম সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ৰায় ভকতে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ প্ৰাচীন পাণ্ডুলিপি বিশেষজ্ঞ ধনজিৎ তালুকদাৰে কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰে। আনহাতে কর্মশালাত শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰৰ সত্ৰাধিকাৰ আৰু ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে ভকত-বৈষ্ণৱৰ উপৰি সত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ ভালেসংখ্যক ছাত্র-ছাত্রী ,শ্ৰীশ্ৰী হৰিপুৰ মাধৱপুৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱ, শ্রীশ্রী ভানু কুমাৰী সত্ৰৰ ভকত-বৈষ্ণৱ, ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ গেলাবিল সত্ৰৰো ভকত-বৈষ্ণৱ , ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ৰ শিক্ষার্থী আৰু কোচবিহাৰ বানেশ্বৰ সাৰথিবালা মহাবিদ্যালয়ৰ অধ্যাপক – অধ্যাপিকা , শিক্ষার্থীয়েও কর্মশালাত অংশগ্রহণ কৰে। শ্রীশ্রী মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্তই দুয়োখন মহাবিদ্যালয়লৈ এটিকৈ সাঁচিপুলি আগবঢ়ায় আৰু গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদজ্ঞাপন কৰে। লগতে ধুবুৰী জিলা প্রশাসনে এইক্ষেত্ৰত আগভাগ লৈ যোগাযোগ ৰক্ষা কৰাৰ বাবে শলাগ লৈ কয় যে অসমৰ প্ৰাচীন পাণ্ডুলিপিসমূহৰ অধ্যয়ন আৰু সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰা পদক্ষেপ সঁচাকৈ অতি প্রশংসনীয় কাৰ্য।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত