ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ ফালৰ পৰা আহিছে এক সুখবৰ।২৪ ডিচেম্বৰত অসম লোকসেৱা আয়োগে ঘোষনা কৰা ২০১৮ বৰ্ষৰ ফলাফলত ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদে প্ৰশিক্ষণ প্ৰদান কৰা ১৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪৫ গৰাকীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়।ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপদেষ্টা পৰিষদৰ অধ্যক্ষ সৰ্বানন্দ সোনোৱালৰ বিশেষ নিৰ্দেশত সদস্য সচিব লক্ষ্য কোঁৱৰে ২০১৭ চনৰ পৰাই এই বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ২০১৭ চনত এই প্ৰশিক্ষণ লাভ কৰা ৩৪ জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ক্ৰমাগতভাৱে উপদেষ্টা পৰিষদে তৃতীয়বাৰৰ বাবে আৰম্ভ কৰা এইবাৰৰ প্ৰশিক্ষণত প্ৰায় ১০০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীল ব্যৱস্থাৰ ফলতেই বিগত ২০১৮ বৰ্ষৰ দৰে এইবাৰো এ পি এচ চিৰ ফলাফল বিতৰ্কমুক্ত হোৱাৰ লগতে মেধাসম্পন্ন সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰশাসনিক বিষয়াৰ পদ পাবলৈ সক্ষম হোৱা বুলি আজিৰ সংবাদমেলত উপস্থিত থকা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিছে।এই সংবাদমেলখন সম্বোধন কৰি ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ সবস্য সচিব লক্ষ্য কোঁৱৰে আগন্তুক দিনত এ পি এছ চি, ইউ পি এছ চিৰ লগতে উপদেষ্টা পৰিষদে বেংক, এছ এছ চিৰো প্ৰশিক্ষণৰ দিহা কৰিব বুলি প্ৰকাশ কৰে। লক্ষ্য কোঁৱৰৰ সৈতে সংবাদমেলত উপস্থিত থকা ১০ গৰাকী এ পি এছ চি উত্তীৰ্ণ প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী স্থিতিক উষ্ম আদৰণি জনোৱাৰ লগতে যুৱ প্ৰজন্সৰ এ পি এছ চিৰ প্ৰতি মনোভাৱ ইতিবাচক হোবা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, এইবাৰৰ অসম লোকসোবা আয়োগে ঘোষনা কৰা ফলফলত ছাত্ৰ আৰু যুৱকল্যান উপদেষ্টা পৰিষদে প্ৰশিক্ষণ প্ৰদান কৰা কংকনজ্যোতি শইকীয়াই এ চি এছৰ প্ৰথম স্থান দখল কৰাৰ সমান্তৰালভাৱে জিন্তু শৰ্মাই দ্বিতীয স্থান আৰু নিমাশ্ৰী ডাউকাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

নেছনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজৰ বিদ্যালয় গৃহ শুভ উন্মোচন
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত পালন কৰি অহা শিল্পী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বৰবাৰীস্থিত “নেচনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজ”ৰ বিদ্যালয় গৃহৰ শুভ উদ্ধোধন আৰু নতুন বৰ্ষৰ পাঠদান কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়৷বিদ্যালয়ৰ নৱনিৰ্মিত গৃহদ্বাৰৰ শুভ উন্মোচন(উদ্ধাধন) কৰে বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব, চিত্ৰ পৰিচালক হেমেন দাসে৷ ডিমৰীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা NIFTTS ৰ বৰ্তমানৰ সঞ্চালক ড° ৰামচৰণ ভৰালীৰ আশাুশুধীয়া প্ৰচেষ্টা আৰু নাট্যকৰ্মী প্ৰৱীণ শইকীয়াৰ লগতে আন কেইবাগৰাকী ব্যক্তিৰ সহযোগত ১৯৯৪ চনতে স্থাপন হোৱা বিদ্যালয়খন কিছুমান অসুবিধাৰ বাবে কিছুদিন সাময়িকভাৱে বন্ধ হৈ আছিল৷আজি ইনষ্টিটিউটখনৰ নিজা চৌহদত ৰবীন ডেকাৰ সভপতিত্বত আয়োজিত এখন মুকলি সভাত পুনৰ অভিনয়কলা আৰু নৃত্যকলা বিষয়ক এবছৰীয়া পাঠ্যক্ৰমটিৰ শুভাৰম্ভ কৰা হয়৷উল্লেখ্য যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্য আগত ৰাখি আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি নেছনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজে ৭-১৪বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী ভিন্ন মাধ্যমত অভিনয় প্ৰশিক্ষণ গ্ৰহণৰ এবছৰীয়া বিজ্ঞানসন্মত নাট্য সম্পৰ্কীয় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে৷
আজিৰ মুকলিসভাত ড° প্ৰভাত চন্দ্ৰ ভূঞা,ড° সৰলা ভূঞা,ড°অঞ্জনা গোস্বামী,ৰবীন শইকীয়া,তৃষ্ণা দেৱী,হিল্লোল কুমাৰ পাঠক, ৰাজীৱ সাউদ,মণিষ ডেকা,বিশ্বজ্যোতি শৰ্মা,দৰ্শনা বৰুৱা,সবিতা শইকীয়া ,মানৱ বৰকাকতি,মানস প্ৰতীম নেওঁগ,মহেশ কলিতা,খনীন ডেকা,আদি ভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷সভাখনত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ কৌশিক ৰয়ে জ্যোতিসংগীতত এটি নৃত্য প্ৰদৰ্শন কৰাৰ লগতে NIFTTS ৰ শিক্ষাৰ্থী মেঘা সিন্হা,তেজস্ব ভৰদ্বাজ,জয়শ্ৰী ৰায়,ৰিপিতা দেৱী,অংকিতা দেৱীয়ে জ্যোতিসংগীত আধাৰিত এটি দলীয় নৃত্যও পৰিবেশন কৰে৷সভাখনত ৰূপকোঁৱৰক সন্মান জনাই জ্যোতি সংগীত পৰিবেশন কৰে উন্মীলনা অলম্যানে৷
ভিউৱাছৰ মতামত