তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি তেজপুৰৰ বাৰ্ষিক আলোচনী ‘জিমচিয়ান’ৰ ষষ্ঠ সংখ্যাটো আজি উন্মোচন হয়। কাৰিকৰী মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ, ছাত্ৰ-ছাত্ৰীৰ সাহিত্য প্ৰতিভা বিকাশৰ সুযোগ আগবঢ়াই প্ৰতিবছৰে প্ৰকাশ কৰা আলোচনীখনিৰ উন্মোচক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ম’লিকোলাৰ বায়’লজী আৰু বায়’টেকন’লজী বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ বৰা। ড° বৰায়ে নিজৰ গৱেষণা আৰু কৰ্মজীৱনৰ অভিজ্ঞতা সামৰি বক্তৃতা প্ৰদান কৰে। সফলতা লাভৰ কাৰণে আত্মবিশ্বাস আৰু আত্মবিশ্লেষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক বাখ্যা কৰে। আলোচনীখন উন্মোচনৰ পিছতে তেখেতে ইয়াৰ ওপৰত এক চমু আলোকপাত আগবঢ়ায় । তেখেতৰ লগতে অতিথি মল্লিকা দত্তয়ো ভাষণ আগবঢ়ায়। আলোচনীখনৰ ষষ্ঠ সংখ্যাৰ সম্পাদক ছাত্ৰ হিমাংশু চহৰীয়াই সকলোৰে সহায়-সহযোগিতা স্বীকাৰ কৰি কৃতজ্ঞতা জনায়। সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে সকলোকে ধন্যবাদ যাঁচি সামৰণি ভাষণ প্ৰদান কৰে ।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত