ঢেকীয়াখোৱা বৰ নামঘৰত সেৱা জনালে স্বাস্থ্যমন্ত্ৰীয়ে

আজি মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নাঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পীয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাস গুৰুজনাৰ ৫৩৩ সংখ্যক জন্মজয়ন্তীৰ দিনা বৰনাঘৰত উপস্থিত হৈ সেৱা আগবঢ়ায়।

 

 

উক্ত কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান দিনে নিশাই ৰাজ্যৰ ভয়াবহ পৰিস্থিতিৰ লগত ব্যস্ত থকাৰ মাজতে এই আধ্যাত্মিক পৰিবেশে তেওঁক মনৰ উদ্যম অধিক শক্তিশালী কৰিছে লগতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীকে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে প্ৰাদেশীকৰণ বিদ্যালয়ৰ ফলাফলত সন্তোষ প্ৰকাশ কৰিছে।

 

উল্লেখযোগ্য যে চৰকাৰে বিদ্যালয়সমূহৰ মাচুলৰ ক্ষেত্ৰত যি ৰেহাই দিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনাইছিল তাৰ প্ৰতি কেইবাখনো বিদ্যালয়ে সহাঁৰি নিদিয়াৰ অভিযোগৰ ওপৰত সোধা প্ৰশ্নত তেওঁ তেনে বিদ্যালয়ৰ তথ্য দিলে চৰকাৰীভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ

দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে কত পতাকা উত্তোল কৰিব তাৰ তালিকা শেহতীয়াকৈ প্ৰকাশ পাইছে।তালিকা অনুসৰি নগাঁৱত পতাকা উত্তোলন কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই,বৰপেটাত পতাকা উত্তোলন কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই,ডিব্ৰুগড় পতাকা উত্তোলন কৰিব চন্দ্ৰমোহন পাটোৱাৰীয়ে,মাজুলীত পতাকা উত্তোলন কৰিব নৱ দলেই,লখিমপুৰত পতাকা উত্তোলন কৰিব ৰঞ্জিত দত্তই,শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই

তিনিচুকীয়াত পতাকা উত্তোলন কৰিব সঞ্জয় কিষাণে,মৰিগাঁৱত পতাকা উত্তোলন কৰিব পিয়ুষ হাজৰিকাই,তেজপুৰত পতাকা উত্তোলন কৰিব কেশৱ মহন্তই,যোৰহাটত পতাকা উত্তোলন কৰিব অতুল বৰাই,গোৱালপাৰাত পতাকা উত্তোলন কৰিব ফণীভূষণ চৌধুৰী,ধুবুৰীত পতাকা উত্তোলন কৰিব প্ৰমীলাৰাণী ব্ৰহ্ম,গোলাঘাটত পতাকা উত্তোলন কৰিব চন্দন ব্ৰহ্ম,বাক্সাত পতাকা উত্তোলন কৰিব ৰিহন দৈমাৰীয়ে,আমিনগাঁৱত পতাকা উত্তোলন কৰিব চুম ৰংহাঙে।

Brothersৰ উদ্যোগত ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত মাজুলীত দীৰ্ঘম্যাদী গ্ৰাম্য নিৰ্মাণ অভিযান

স্বচ্ছতা, জৈৱিক কৃষি, বয়ন শিল্পৰ লগতে বাঁহ,কাঠ আৰু বেতেৰে সামগ্রী নিৰ্মান কৰাৰ উপৰিও প্ৰকৃত গুণগত শিক্ষাৰ দ্বাৰা ব্যৱহাৰিক দিশত এখোজ আগুৱাই মাজুলীৰ চেলেক, চেলেক চেঁচাচুক আৰু পুৰণা চাপৰি সামৰি তিনিওখন গাওঁৰ জীৱন প্ৰণালী উন্নত মানৰ কৰি আত্মনিৰ্ভৰশীলতাৰে গঢ়ি তুলি নিশ্চিতভাৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হব। এই বক্তব্য বিশ্ব সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, অৰ্ধশতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ।

২৪জানুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন Brothers ৰ উদ্যোগত তথা Brothers ৰ সচিব প্ৰধান ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত মাজুলীৰ চেলেক, চেলেক চেঁচাচুক, আৰু পুৰণা চাপৰিকলৈ তিনিওখন গাওঁৰ চাৰি শতাধিক ঘৰ সামৰি স্বচ্ছ, জৈৱিক আৰু আত্মনিৰ্ভৰ গ্ৰাম্য নিৰ্মাণৰ জৰিয়তে উন্নত জীৱন প্ৰণালীৰে দেশৰ ভিতৰতে পৰিষ্কাৰ আৰু সবল গাঁও হিচাপে নিৰ্মাণৰ হেতু শুভাৰম্ভ কৰা হয়। চেলেক গাৱত ফিটা কাটি হাতত ঝাড়ুলৈ শুভাৰম্ভ কৰে মাজুলীৰ বিবেকানন্দ বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত পেগুৱে। নীলকান্ত পেগু, স্থানীয় সমাজকৰ্মী ললিত কুলী আৰু গ্ৰাম্য নিৰ্মান অভিযানৰ মুখ্য আহ্বায়ক ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে শতাধিক পুৰুষ মহিলাই হাতত বাঁহৰ ঝাড়ুলৈ গাৱৰ পথৰ উপৰিও খেল পথাৰ আৰু ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে। পৰিষ্কাৰ পৰ্বৰ পিছতেই, মীগাং দলে আৰু দেৱকান্ত পাতিৰৰ নেতৃত্বত Brothers ৰ সদস্য সকলে দুই শতাধিক বৃক্ষ ৰোপন কৰে। বৃক্ষ ৰোপনৰ পিছতেই সমাজকৰ্মী ললিত কুলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গ্ৰাম্য নিৰ্মাণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই গ্ৰাম্য নিৰ্মান অভিযানৰ মুখ্য আহ্বায়ক, বিশ্ব মানৱধিকাৰ সুৰক্ষা পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সদস্য ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে এই অভিযান এক দীর্ঘম্যাদী অভিযান। এই দীৰ্ঘম্যাদী অভিযান কেৱল এই অঞ্চল বা মাজুলীতেই যে এক নতুন দিগন্তৰ সূচনা কৰিব এনে নহয়।এই অভিযানৰ ফলত দেশ তথা বিদেশতও এই অঞ্চলৰ ইতিবাচক দিশ সমূহে প্ৰভাৱ বিস্তাৰ কৰিব।
সভাত শিক্ষাবিদ নীলকান্ত পেগু, এম এ চি ৰ প্ৰাক্তন সদস্য ৰঞ্জনা দলে, Borothers ৰ মীগাং দলে আদি লোকসকলে ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

কালি আনুষ্ঠানিকভাৱে উন্মোচন হ’ল অৰণ্য ৰোদন

বোকাখাতৰ শিক্ষয়ত্ৰী শিখামণি গগৈৰ এখন শিশু উপন্যাস অৰণ্য ৰোদন কালি আনুষ্ঠানিকভাৱে বোকাখাতত উন্মোচন হয় ৷বোকাখাত বিবাহ ভৱনত আয়োজিত উন্মোচনী সভাত উপন্যাস খন উন্মোচন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ ৰুবী বৰাই ৷

বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তই আঁত ধৰা এই অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট কবি অজিত গগৈ, মনালিচা শইকীয়া আৰু ড৹ অৰুণ বৰাৰ লগতে বোকাখাতৰ বিশিষ্ট লোক উপস্থিত থাকে ৷উল্লেখ্য যে কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপযোগী এই উপন্যাস খন ক’ভিড -১৯ৰ সংক্ৰমণ কালৰ লক ডাউনৰ সময়ত ফেচবুকৰ পাতত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল৷

অসমীয়া ছবি ব্ৰীজে লাভ কৰিলে আন্ত:ৰাষ্ট্ৰীয় সন্মান

অসমীয়া ছবিজগতলৈ সুখবৰ।গোৱাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ সন্মান লাভ কৰিছে এখন অসমীয়া ছবিয়ে।ছবি খনৰ নাম ব্ৰীজ।এই ব্ৰীজ নামৰ ছবিখন পৰিচালনা কৰিছে কৃপাল কলিতাই।উল্লেখযোগ্য যে ব্ৰীজে জুৰীৰ বিশেষ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ

সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।