প্ৰাক্তন ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত চেনিটাইজেচনৰ ব্যৱস্থা

0 305

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীৰ ভয়াৱহতাই এক আতংকৰ সৃষ্টি কৰিছে। এই ভয়াৱহতাৰ মাজতে অসমৰ বিভিন্ন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিনামূলীয়া কিতাপ বিতৰণ কাৰ্যসূচী চলি আছে। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ উচ্চ শিক্ষাৰ এখন অন্যতম শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া কিতাপ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে।
 
 
যাৰ ফলস্বৰূপে বিভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থী সকলে আহি মহাবিদ্যালয় খনত কিতাপ সংগ্ৰহ কৰিব লগা হৈছে। এই সময়ছোৱাত ক’ৰণা মহামাৰীৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ সুৰক্ষাৰ কাৰণে প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰল আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ডিউক জ্যোতি সন্দিকৈৰ নেতৃত্বত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ চৌহদ আৰু মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা , পুথিভঁৰাল, কাৰ্য্যালয়সমূহ চেনিটাইজেচন কৰা হয়।প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত গুৱাহাটী পৌৰ নিগম, আপদকালীন তথা অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত পুৱা ১০বজাৰ পৰা চেনিটাইজেচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই গ্ৰহণ কৰা এই পদক্ষেপক মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ মহন্ত আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে প্ৰশংসা কৰে।
 
 
বিগত দিনসমূহৰ দৰেই অনাগত দিনবোৰতো মাজে সময়ে এই চেনিটাইজেচনৰ ব্যৱস্থা কৰি মহাবিদ্যালয়খন পৰিস্কাৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে এই মহামাৰীৰ কৱলত নপৰে তাৰ বাবে তেওলোকক সুৰক্ষা দিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে আগতকৈও ছাত্ৰ ছাত্ৰী সকলে নিজেই অধিক সজাগ, সচেতন আৰু সচেতনতা অৱলম্বন কৰিব লাগিব বুলিও কয়।

Leave A Reply

Your email address will not be published.