দক্ষিণ কামৰূপ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত দক্ষিন কামৰূপ মহাবিদ্যালয়ে স্থানীয় গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বৃহত্তৰ অঞ্চলটোৰ পাচখন গাওঁ নহিৰা, দখলা, সোনতলা, পাৰাকুছি আৰু মনপুৰ গাঁৱৰ প্ৰতিপালনৰ দায়িত্ব গ্ৰহণ কৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ উন্নত ভাৰত অভিযান গোটৰ জৰিয়তে আৰু স্বেচ্ছাসেৱী সংগঠন “পোহৰ ফাউণ্ডেচন” মিৰ্জাৰ সহযোগত গাৱলৈ গৈ আয়োজন কৰিছে এই গাঁওসভা। মহাবিদ্যালয়খনে এই কাৰ্যসূচীৰ অধীনত নহিৰাত ২১ ফেব্ৰুৱাৰীত আয়োজন কৰা প্ৰথমখন সভাত ৰাইজৰ অভাব অভিযোগ, শিক্ষা, স্বাস্থ্য, যাতায়ত, কৃষি, পশুপালন, হস্তশিল্প , তাতশিল্প আদি বিষয়ে ৰাইজৰ পৰা বুজ লয়। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ বা বঞ্চিত হোৱা আদি বিভিন্ন বিষয়কলৈ মতবিনিময় কৰে। গাওঁখনৰ সাধাৰণ ৰাইজৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক উত্তোৰণৰ লগতে গাঁওবাসীৰ মাজত বিভিন্ন বিষয়ে সচেতনতা বৃদ্ধিৰ বাবে আলোচনা কৰা হয়। গ্ৰাম্যাঞ্চলবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে সমস্যা সমাধানৰ বাবে উন্নত ভাৰত অভিযানৰ জৰিয়তে পদক্ষেপ গ্ৰহণৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বাবে সকলো ক্ষেত্ৰতে মহাবিদ্যালয় কতৃপক্ষ আৰু “পোহৰ ফাউণ্ডেচন” সহায় সহযোগিতা কৰিব ৰাইজক জানিবলৈ দিয়ে। এনেধৰণৰ সভা গাঁও পাচ খনৰ বিভিন্ন স্থানত আয়োজন হৈয়ে থাকিব বুলি উল্লেখ কৰে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ উন্নত ভাৰত অভিযান গোটৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ গাৰ্গী চক্ৰৱৰ্তী, সহ সমন্বয়ক প্ৰবক্তা মানবেন্দ্ৰ কলিতা, “পোহৰ ফাউণ্ডেচন”ৰ সভাপতি অমল দলৈ, সম্পাদক শৈলেন্দ্ৰ দাস, গণিত বিভাগৰ প্ৰবক্তা প্ৰশান্ত কলিতাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক গাওঁবাসীয়ে অংশগ্ৰহণৰ কৰে। দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু পোহৰ ফাউণ্ডেচন গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰে এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS