চাৰিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহেৰে সফল সামৰণি পৰে শিল্পগ্ৰাম মহোৎসৱ

0 250

১৮ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোকসংগীত-নৃত্য,শিল্প কলা প্ৰদৰ্শনীৰে মুখৰ হৈ পৰিছে শিল্পগ্ৰামৰ বাকৰি।গুৱাহাটী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত শিল্পগ্ৰামৰ ১৫ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক সমাৰোহত উত্তৰ পূবৰ বাৰেৰহনীয়া লোককৃষ্টিৰ সমন্বয়ত শিল্পগ্ৰাম মহোৎসৱ স্থলী জীপাল হৈ পৰে।
মাটিৰ গোন্ধ থকা লোকসংগীত-নৃত্যৰ অমিয়া সুৰেৰে উৎসৱস্থলী উখল মাখল হৈ পৰে।উত্তৰ পূবৰ আঠ ৰাজ্য অসম,অৰুণাচল, মণিপুৰ,মিজোৰাম,মেঘালয়, নাগালেণ্ড,ছিক্কিম আৰু ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য আৰু সংগীত শিল্পীৰ উপৰিও অসমৰ জনপ্ৰিয় সংগীত শিল্পী তৃষ্ণা দেৱী,মাধুৰী গগৈ,পম্পী পল্লৱী,বৰ্ণালী কাশ্যপ আৰু জনপ্ৰিয় মিউজিকেল বেণ্ড জ’চুৱা এণ্ড দা নোট নিঞ্জাচ’ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা জনগোষ্ঠীয় লোক নৃত্য প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে ছেৰজা কালছাৰেল ছচাইটি-খৈৰাবাৰীৰ বড়ো কৃষ্টি দল,দ্বিতীয় শ্ৰেষ্ঠ দল-সাংস্কৃতিক দল গুৱাহাটীৰ বিহুদল আৰু তৃতীয় শ্ৰেষ্ঠ ওদালগুৰিৰ জিলা ৰাভা কৃষ্টিৰ দলে লাভ কৰে।
উল্লেখ্য যে শিল্পগ্ৰাম মহোৎসৱৰ প্ৰতিযোগিতাত আৰু মহোৎসৱৰ মুখ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিল্পী সকললৈ সাংস্কৃতিক মন্ত্ৰনালয়ৰ তৰফৰ পৰা একোখনকৈ মান পত্ৰ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.