শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী আদাবাৰী চাহ বাগিচাত আজি সমাজত অন্ধবিশ্বাস, কুঃসংস্কাৰৰ বিৰুদ্ধে এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় । অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰু বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাখন সঞ্চালনা কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক সুভাষ বৈশ্যই । অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সচেতন যুৱক প্ৰাঞ্জল প্ৰতিম বৰাই ৰাইজক উদ্দেশ্যি কয় যে অন্ধবিশ্বাস, কুঃসংস্কাৰে সমাজত কলংকৰ সৃষ্টি কৰি আহিছে । সমাজত বৰ্তমান সময়ত একাংশ সমাজবিৰোধী লোকে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰাৰ মানসিকতাৰে সমাজত অপপ্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে ।সময় থাকোতে এনেধৰণৰ দানৱক আমি মষিমূৰ কৰিব লাগিব। একাংশ লোকে লোকবিশ্বাসক অন্ধবিশ্বাসৰ ৰূপ দিবলৈ অসৎ প্ৰয়াস কৰি আহিছে । সমাজপৰা এনেধৰণৰ কুঃ সংস্কাৰ দূৰ কৰিবলৈ ঐক্যৱদ্ধতাৰে যুঁজ কৰিব লাগিব । সমাজৰপৰা এনেধৰণৰ কুঃসংস্কাৰক পুলিয়ে-পোখাই ওফৰাবলৈ সকলো দল-সংগঠন, ৰাইজে সমানে যুঁজ চলাব লাগিব। অনুষ্ঠানত আন এগৰাকী সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰঞ্জিৎ চহৰীয়াই কয় যে সমাজৰপৰা আমি অন্ধবিশ্বাস, কুঃ সংস্কাৰসমূহক দূৰ কৰিব লাগিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, কবি ছত্ৰমান চুব্বা । অনুষ্ঠানৰ লগত সংগতি ৰাখি চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য, উড়িয়া সমাজৰ উড়িয়া নৃত্য আদি বিভিন্ন জাতি জনগোষ্ঠীয় লোক-নৃত্য প্ৰদৰ্শন কৰা হয় ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ