চিৰাং জিলাৰ আই নদীৰ পাৰৰ হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত হৈছে চতুৰ্থ দৈজিং উৎসৱ।এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে নদীসমূহ হ’ল সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ।আই নদীৰ পাৰত অনুষ্ঠিত দৈজিং উৎসৱ এক মহা মিলনৰ উৎসৱ।বিটিএডি অঞ্চল এতিয়া দ্ৰুত প্ৰগতিশীল দিশত আগুৱাই গৈছে।আগন্তুক দিনতো শান্তি,সম্প্ৰীতি আৰু ভাতৃত্বৰ ধাৰা অক্ষুণ্ণ ৰাখি সকলো জাতি- জনগোষ্ঠী মিলি শক্তিশালী হৈ থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে।নৈৰ পাৰত হোৱা এই উৎসৱে ভৱিষ্যতে আৰু অধিক দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব বুলি তেখেতে ব্যক্ত কৰে।যোৱা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱ ৭ জানুৱাৰীত সামৰণি পৰিব।উল্লেখযোগ্য যে এই উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন,সাংস্কৃতিক অনুষ্ঠান,ক্ৰীড়া তথা বিভিন্ন বিপনী ইত্যাদিৰ সমাহাৰ ঘটিছে।এই সভাত বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী,পৰ্যটন মন্ত্রী চন্দন ব্ৰহ্ম,হাউচফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন