নিসংগ সকলক আড্ডাঘৰে সকাহ যোগাব

গুৱাহাটী মহানগৰীৰ বয়োজ্যেষ্ঠসকলৰ বাবে সুখবৰ।গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠসকলৰ বাবে নিঃসংগতা দূৰ কৰিবৰ অৰ্থে আয়োজন কৰা হৈছে এটা আড্ডাঘৰৰ। সেই উপলক্ষে বৃহস্পতি বাৰে গুৱাহাটীস্থিত আমবাৰীৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত কয় যে বিশিষ্ট লেখক-সমালোচক প্ৰয়াত মুনীন বৰকটকী আৰু বিশিষ্ট ৰাজনৈতিক সমাজ কৰ্মী প্ৰয়াত ৰেণুকা দেৱী বৰকটকীৰ গুৱাহাটী পঞ্চৱতীস্থিত বাসগৃহত জ্যেষ্ঠ নাগৰিকসকল মিলিত হ’ব পৰাকৈ আড্ডাঘৰ নামৰ এটি অনুষ্ঠান অহা ১ মাৰ্চৰ পৰা আনুষ্ঠানিকভাবে শুভাৰম্ভ  হব। প্ৰয়াত মুনীন বৰকটকী আৰু প্ৰয়াত ৰেণুকা বৰকটকীৰ কন্যা মিনাক্ষী বৰকটকীয়ে মাক-দেউতাকৰ স্মৃতি ৰক্ষাৰ হেতুকে তথা নিসংগ জ্যেষ্ঠ ব্যক্তি সকলক একলগ কৰাৰ মানসিকতাৰে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।গুৱাহাটী জ্যেষ্ঠ সমাজ,পঞ্চৱতীৰ জৰিয়তে এই আড্ডাঘৰৰ প্ৰশান্ত,আনন্দময় পৰিবেশত চাহ বা কফি একাপ লৈ নাগৰিকসকলে বাতৰি কাকত অথবা আলোচনীত চকু ফুৰাই পুৰণি বন্ধুসকলক লগ কৰাৰ লগতে নতুন বন্ধুত্বও গঢ়ি তুলিব পাৰিব।বছেৰেকীয়া সদস্য পদৰ ভিত্তিত আড্ডাঘৰৰ সদস্যসকলৰ বাবে নিয়মিত স্বাস্থ্য পৰীক্ষা,যোগ , ধ্যান আদিৰ ব্যৱস্থা থাকিব। তদুপৰি আড্ডাঘৰত বিভিন্ন খেল-ধেমালি ,সাংস্কৃতিক কাৰ্যসূচী, বিশেষজ্ঞৰ সৈতে মত-বিনিময়, চিনেমা- নাটক ,প্ৰদৰ্শন আদিৰো ব্যৱস্থা কৰা হ’ব বুলি উদ্যোক্তাসকলে সংবাদমেলত জানিবলৈ দিয়ে।আনহাতে, আড্ডাঘৰৰ সদস্যসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কে জি এম টি হস্পিতালে দায়িত্ব বহন কৰিছে। সপ্তাহৰ যিকোনো এটা নিৰ্দিষ্ট দিনত কে জে এম টি হস্পিতালৰ চিকিৎসক আড্ডাঘৰত আহি সদস্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব।এই আড্ডাঘৰৰ ভৰ্তি মাচুল মাহে ৫০০ টকা আৰু বছেৰেকীয়া হিচাপত ৫০০০ টকা। আড্ডাঘৰৰ তত্ত্বাৱধায়ক হিচাপে থাকিব চিছিল কোনা ডেকা। ৰাতিপুৱা ১০ বজাৰ পৰা১ বজালৈ আৰু দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ এই আড্ডাঘৰ খোলা থাকিব। আনহাতে বৃহস্পতিবাৰে এই আড্ডাঘৰ বন্ধ থাকিব। এই আড্ডাঘৰত সহযোগ কৰিছে কে জি এম টি হস্পিতাল আৰু আশাদ্বীপ ফাউণ্ডেশ্যনে।সহযোগ কৰিলে দিলিস্তান খানে.. 

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

ভি আই পিত থলুৱা উদ্যমী যুৱকে নিৰ্মাণ কৰা ভলগা হোম উদ্ধোধন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া ভি আই পিৰ যোগীপৰাত অঞ্চলটোৰ উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই নিৰ্মাণ কৰা ভলগা হোম নামৰ এখন হোটেল মঙ্গলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয়। বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভলগা হোম উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মাণ্ডলিক ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশে।

 

 

এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো শংকৰ ঠাকুৰীয়াই নিবনুৱা যুৱক যুৱতীক উদগনি দিয়াৰ লক্ষ্যৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যৰ শলাগ লয়। অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ মহা প্ৰবন্ধকত্ৰয় ক্ৰমে ৰবি কান্ত, এছ ৰাধাকৃষ্ণণ, এছ. কে জৈন, উপ মহা প্ৰবন্ধক জগদীশ বৈশ্যকে ধৰি কেইবাজনো বিষয়া, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যাবাহী অভিযন্তা বুলু ৰঞ্জন ডেকাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই ভলগা হোম নিৰ্মাণ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ প্ৰথম গৰাকী মহিলাই

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ নিযুক্তি হিচাপে লাভ কৰিছে অসমৰ প্ৰথমগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম বৰ্ণালী গগৈ।লখিমপুৰ নকাৰীৰ ২নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলি গগৈ কন্যা।

 

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ২৭ মে’ত বৰ্ণালীয়ে পাইলট অফিচাৰ হিচাপে বায়ুসেনাত যোগদান কৰিছিল।ইয়াৰ পিছত ফ্লায়িং অফিচাৰ আৰু পৰৱৰ্তী ফ্লায়িং লেফটেনেণ্টে হিচাপে পদোন্নতি লাভ কৰে।

 

১৯৮৬ চনতে বৰ্ণালীয়ে অসমৰ ভিতৰত ১৬নং স্থান দখল কৰি বিজ্ঞান শাখাত কটন কলেজৰ পৰা উত্তীৰ্ণ হৈছিল।ইয়াৰ পৰৱৰ্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰনিকছ টেলি কমিউনিকেশ্যনত প্রথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিছিল। ইয়াৰ পিছতে বিৰলা ইনষ্টিটিউট অফ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা এম টেক ডিগ্ৰী কৰিছিল। তেওঁ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰপতি বঁটাৰেও সন্মানিত হৈছিল।

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ বিশেষ সন্মান

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক প্ৰেছ এমব্লেম কেম্পেইন নামৰ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে চুইজাৰলেণ্ডৰ জেনেভাস্থিত সংস্থাটোৱে সমগ্ৰ পৃথিৱীতে ঘটি থকা সাংবাদিক হত্যা, সংবাদকৰ্মীৰ ওপৰত হোৱা নিগ্ৰহ আৰু শেহতীয়াকৈ ক’ভিডত মৃত্যু হোৱা সাংবাদিকৰ তালিকা প্ৰস্তুত কৰি আহিছে।

 

 

কেইবাখনো দেশৰ জ্যেষ্ঠ সাংবাদিকৰ উদ্যোগত ২০০৪ চনত জন্ম লাভ কৰা সংস্থাটোৰ সম্পাদক-প্ৰধান ব্লেইজ লেম্পেনে ঠাকুৰীয়াক এই দায়িত্ব অৰ্পনৰ বিষয়ে অৱগত কৰায়।লগতে সংস্থাটোৱে জাৰ্নেলিষ্ট ফ’ৰাম অসম সভাপতি ৰূপম বৰুৱাক ইয়াৰ সহযোগী সংগঠন হিচাপে মান্যতা প্ৰদান কৰিছে।

 

 

২০১০ চনৰ পৰা ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য উপস্থাপন কৰি অহা সংস্থাটোৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কৰ্মৰত সাংবাদিক আৰ্থিক অৱস্থা সম্পৰ্কটো অধ্যয়ন কৰিব।আজিৰ পৰা তিনিদশক পূৰ্বে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ঠাকুৰীয়াই অসমীয়া কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰে।

 

সম্প্ৰতি তেওঁ বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত সাংবাদিকতা আৰু সাংবাদিকৰ বিভিন্ন সমস্যা ওপৰত প্ৰবন্ধ লিখি আহিছে।

আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব মিছিং ছবি

Li:len The Ray of Hope আশাৰ ৰেঙনি এই চিনেমাখন আন্ত:ৰাষ্ট্ৰীয় ঢাকা চিনে মেকিং ইন্টাৰনেশ্যনেল ফ্লিম এৰ্ৱাডত প্ৰদৰ্শিত হ’ব।মিছিং জনজাতিৰ বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মিত এই ছবিখনত এটা বংশগত ৰোগৰ অন্ধবিশ্বাস আৰু বাস্তৱ কাহিনীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে।

 

 

এই চিনেমাখন পৰিচালনা কৰিছে নাৰায়ণ শীলে।চিনেমাখনৰ দৃশ্যায়ন হৈছে ধেমাজি চিলাপথাৰত। বহু গৰাকী নৱাগত শিল্পীৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিনেতাই চিনেমাখনত অংশগ্ৰহণ কৰিছে।

কাঠ পেঞ্চিলৰ ক’লা অংশত বিশিষ্ট লোকৰ ছবি অংকন কৰিছে আজাৰাৰ এজন যুৱকে

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিৰ এজন যুৱকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। শাৰদীয় দূৰ্গাপূজা উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপৰে অন্যন্য প্ৰতিভাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে।

 

 

যুৱকজনৰ নাম হৈছে বিশাল চৌধুৰী। চণ্ডীগড় ইউনিভাৰচিটিৰ বি ফাৰ্মাচিৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিশাল চৌধুৰীয়ে কাঠ পেঞ্চিলৰ ক’লা অংশৰে নিৰ্মাণ কৰিছে ভগৱান তথা বিশিষ্ট লোকৰ মূৰ্তি।

 

 

প্ৰায় ১৫-২০ ঘণ্টাৰ দৃঢ় মনোযোগৰে কাঠ পেঞ্চিলৰ ক’লা অংশত শাৰদীয় দূৰ্গা পূজাৰ সময়ত মা দূৰ্গা (মহিষাসুৰ মৰ্দিনীক) নিৰ্মাণ কৰি উলিয়াছে। ইতিপূৰ্বেও বিশাল চৌধুৰীয়ে বন্ধুবৰ্গৰ নাম পেঞ্চিলৰ ক’লা অংশত খোদিত কৰি ভাৰতৰ বিভিন্ন স্থানত পঠাইছিল। ভৱিষ্যতেও পেঞ্চিলত মূৰ্তি নিৰ্মাণ কৰি যাব বুলি বিশালে জানিবলৈ দিছে।

 

 

 

ব্লেড আৰু সৰু সুৰা সা সামগ্ৰী ব্যৱহাৰ কৰি কাঠ পেঞ্চিলৰ ক’লা অংশত বিভিন্নজন লোকৰ নাম খোদিত কৰি বিভিন্নজনক উপহাৰ হিচাপে প্ৰদান কৰিছে। শাৰদীয় দুৰ্গোসৎৱৰ সময়তো দেৱী দূৰ্গাৰ ছবি অংকন কৰি বিশাল চৌধুৰীয়ে বেচ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।বিশাল ভাৰতীয় বিমান বন্দৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ বিষয়া সুশীল লাল চৌধুৰী আৰু ভাৰতী চৌধুৰীৰ পুত্ৰ।

গুৱাহাটী সংসদীয় সমষ্টিক পোহৰাই তুলিবলৈ সাংসদ কুইন ওজাৰ উদ্যোগত এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপনৰ তৎপৰতা

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সংসদীয় সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বিদ্যুৎ যোগান কম থকা বা সঘনাই লোড শ্বেদিং হোৱা অঞ্চল সমূহক পোহৰাই তুলিবলৈ এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীটলাইট স্থাপন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে।এই আঁচনি ৰূপায়ণৰ লগত জড়িত কামৰূপ জিলাৰ ডি আই এছ এইছ এ ৰ সদস্য প্ৰশান্ত মহন্তই জানিবলৈ দিয়া মতে সাংসদ কুইন ওজাই তেওঁৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে ‘অটল জ্যোতি যোজনা ২০১৯-২০’ আঁচনিৰ অধীনত বিগত আগষ্ট মাহৰ পৰা সৌৰশক্তি চালিত এল.ই.ডি ষ্ট্ৰীটলাইট স্থাপনৰ কাম আৰম্ভ কৰা হৈছে।

 

 

এই লাইট সমূহত উচ্চ প্ৰযুক্তিৰ সমাহাৰ ঘটাৱা হৈছে। ই সন্ধিয়া অন্ধকাৰ হ’লেই স্বয়ংক্ৰিয় ভাবে নিজে নিজে নিজে জ্বলি উঠে। তেনেদৰে পুৱা পোহৰ হ’লেই নিজে নিজে নুমাই যাব।গুৱাহাটী সংসদীয় সমষ্টিৰ অধীনৰ দুধনৈ, বকো, ছয়গাওঁ, পলাশবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিশপুৰ, জালুকবাৰী, হাজো, আৰু বৰক্ষেত্ৰীত প্ৰতিটোতে ১০০ টাকৈ ষ্ট্ৰীটলাইট গুৰুত্বপূৰ্ণ স্থান সমূহত স্থাপন কৰি থকা হৈছে। এইক্ষেত্ৰত ধর্মানুষ্ঠান, শিক্ষানুষ্ঠান, ক্লাব, সামূহিক গৃহকে ধৰি ৰাজহুৱা স্থানক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৈছে। ষ্ট্ৰীটলাইট সমূহ চলিত বৰ্ষৰ ভিতৰতে স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আঁচনিখন ৰূপায়িত হ’লে নিশ্চিত ভাবে গুৱাহাটী সংসদীয় সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ স্থান সমূহ নিশাৰ ভাগত পোহৰেৰে আলোকিত হৈ থাকিব বুলি আঁচনিৰ লগত জড়িত প্ৰশান্ত মহন্তই আশা ব্যক্ত কৰিছে।