এতিয়াৰে পৰা নৱম দশম শ্ৰেণীৰ ছাত্র ছাত্রীয়ে লাভ কৰিব শিক্ষামূলক জলপানি।অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে প্ৰৱৰ্তন কৰিছে এই বিশেষ জলপানি আঁচনি।উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে চৰকাৰে অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্র ছাত্রী সকললৈ আগবঢ়াইছে এই সেৱা।এই আঁচনিত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বৰ জলপানি আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছৰ জলপানি।ইয়াৰে অনুসূচীত জাতিৰ(বছৰি আয় ২ লাখ টকা)ছাত্র ছাত্রীসকলে দৈনিক বৃত্তি ৩,০০০ টকা আৰু হোষ্টেলৰ আৱাসী হ’লে ৬,২৫০ টকা লাভ কৰিব।আনহাতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্র ছাত্রীসকলে(বছৰি আয় ২.৫০ লাখ টকা)দৈনিক বৃত্তি ১,৫০০ টকা আৰু হোষ্টেলৰ আৱাসী হ’লে ৫,৫০০ টকা লাভ কৰিব।ইয়াৰোপৰি অনুসূচীত জাতিৰ ছাত্র ছাত্রীসকলৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছৰ জলপানি(বছৰি আয় ২,৫০,০০০ টকা) চাৰিটা গোটত ভাগ কৰিছে।ইয়াৰে মাহিলী পৰিচালনা ভাত্তা হোষ্টেলৰ আৱাসী আৰু দৈনিক বৃত্তি হিচাপে দুটা ভাগত প্ৰদান কৰিব।তাৰোপৰি অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্র ছাত্রীসকলে(বছৰি আয় ২,৫০,০০০টকা)লাভ কৰিব মাহিলী পৰিচালনা ভাত্তা।ইয়াৰে দুয়োটা শাখাতে বছৰি সৰ্বাধিক মাচুল হ’বগৈ ৫০,০০০ টকা।উল্লেখযোগ্য যে এই শিক্ষামূলক জলপানি আঁচনিৰ আবেদনৰ অন্তিম তাৰিখ ২৯ ফেব্ৰুৱাৰী।অনলাইনযোগে হ’বলগীয়া এই আবেদন পত্ৰ জমা দিব লাগিব scholarships.gov.in ৱেবছাইটত।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন