বন মহোৎসৱ সপ্তাহ ২০১৯ ৰ অংশ ৰূপে আজি বালিপৰাত প্ৰজেক্ট কমিউনিট্ৰি শীৰ্ষক এক প্ৰকল্প মুকলি কৰা হয়। এই প্ৰকল্পৰ দ্বাৰা ১৩৪ ইক টাস্ক ফৰ্চ,বালিপৰা ফাউণ্ডেচন,বন বিভাগ,মহিলা শক্তি কেন্দ্ৰ,অসম ইনভেষ্টমেন এডভাইজৰী ছ’চাইটি আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত সমাজত বৃক্ষৰোপন তথা পালন সন্দৰ্ভত সজাগতা প্ৰদান কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এই উপলক্ষে আজি বালিপৰা চাৰিদুৱাৰৰ ভিন্ন প্ৰান্তৰ মুঠ ৭৮ খন গাওঁত ২ লাখ ৫০ হাজাৰ গছপুলি ৰোপন কৰা হয়। এই কাৰ্য্যসূচীত ৯৫০০ টা পৰিয়ালৰ প্ৰায় ৪৭,৫০০ মানুহে অংশগ্ৰহণ কৰে। ইয়াৰ দ্বাৰা শোণিতপুৰ জিলাৰ ১ লাখ মানুহক প্ৰভাৱাম্বিত কৰিব বুলি ইতিমধ্যে আশা প্ৰকাশ কৰা হৈছে। এই প্ৰকল্পৰ যোগেদি ব্যাপক সেউজ আৱৰণৰ সৃষ্টি কৰি বনাঞ্চলৰ দাঁতি-কাষৰীয়া সম্প্ৰদায়সমূহৰ মাজত অন্ধবিশ্বাস,সহিষ্ঞুতা আৰু সহযোগিতাৰ ভাৱ বৃদ্ধি কৰিব। তাৰোপৰি ইয়াৰ দ্বাৰা ভৱিষ্যতৰ যৌথ প্ৰকল্পসমূহত সহযোগিতাৰ অধিক সৱলীকৰণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।এই সন্দৰ্ভত বালিপৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা তথা অধ্যক্ষ ৰঞ্জীত বৰঠাকুৰে কয় যে ষ্টেকহ’ল্ডাৰসকলৰ সৈতে আমাৰ প্ৰকৃতিক পোষিত কৰি তথা ক্ষণস্থায়ী প্ৰাকৃতিক সম্পদসমূহক সুৰক্ষা প্ৰদান কৰি এই অঞ্চলটোত সম্প্ৰদায় আৰু জৈৱ বৈচিত্ৰতাৰ মাজত স্থিতিস্থাপকতাৰ প্ৰয়োজনীয়তাৰ বাবে কমিউনিট্ৰি কাৰ্য্যসূচী এক গুৰুত্বপূৰ্ণ প্ৰতীক ৰূপে বিবেচিত হ’ব পাৰে। আমাক এনে সহযোগীতামূলক কাৰ্য্যসূচীৰ অধিক প্ৰয়োজন যাতে পূৱ হিমালয় অঞ্চলৰ বাবে বহনক্ষম ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰো”,গছপুলি ৰোপন কাৰ্য্যসূচীৰ পাছত সংস্থাটোৱে পুলিসমূহৰ ৰক্ষনাৱেক্ষনৰ তথা গুটি সিচা আদিৰ বাবে সম্প্ৰদায়ৰ লোকসকলৰ মাজত সজাগতা অভিযানৰ আৰাম্ভ কৰিব যিয়ে গাওসমূহক দীৰ্ঘদিনলৈ উপকৃত কৰিব।তাৰোপৰি ইয়াৰ জৰিয়তে কাঠৰ বাবে তথা জীৱিকাৰ বাবে বৃহৎ পৰিমানে ধ্বংস কৰা বনাঞ্চলসমূহৰ বিপৰীতে ই কিছু পৰিমানৰ সকাহ প্ৰদান কৰিব।উক্ত পদক্ষেপৰ জৰিয়তে বালিপৰা ফাউণ্ডেচন,বন বিভাগৰ লগতে সহযোগী সংস্থাসমূহৰ সহযোগত জনসাধাৰণক সজাগতা প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে যাতে তেওঁলোকে বায়ু প্ৰদূষন তথা জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ বিষয়ে অৱগত কৰাব পাৰে। ভৱিষ্যতলৈ এই প্ৰকল্পৰ সম্প্ৰসাৰণ কৰি সমাজক স্মাৰ্ট এগ্ৰ’ফৰেষ্ট্ৰি আৰু অন্য বৈকল্পিক জীৱিকাৰ উৎস যেনে কাঠফুলাৰ খেতি আদিৰ বিষয়ে সজাগতা প্ৰদান কৰা হ’ব।উল্লেখ্য যে বালিপৰা ফাউণ্ডেচন হ’ল অসম আৰু পূৱ হিমালয় অঞ্চলৰ এটা বেচৰকাৰী প্ৰতিষ্ঠান। ২০০৭ চনত জন্মলাভ কৰা এই প্ৰতিষ্ঠানটোৱে স্থানীয় সহযোগীসকলৰ লগত পৰিবেশতান্ত্ৰিক সভ্যতা সংবৃদ্ধিৰ বাবে বৃহত্তৰ অঞ্চলটোত নেচাৰেন’মিক্স(TM) এণ্ড ৰুৰেল ফিউচাৰ শীৰ্ষক এক পদক্ষেপৰ জৰিয়তে জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আহিছে।এই অনন্য কাৰ্য্যসূচী প্ৰচাৰৰ বাবে ১৩৪ ইক টাস্ক ফৰ্চৰ সেউজী যোদ্ধাসকলে কেৱল ১৫ মিনিটত ১০,০০০ গছপুলি ৰোপন কৰি অভিলেখৰ সৃষ্টি কৰাৰ লগতে বন বিভাগৰ শোনিতপুৰ শাখাই বন মহোৎসৱৰ লগত সংগতি ৰাখি ১০,০০০ গছপুলি ৰোপন কৰে।

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত