বস্তি অঞ্চলত শিশু শ্ৰমিকৰ মাজত শিক্ষাৰ পোহৰ বিলাইছে আভাষ ফাউণ্ডেচনে

শিক্ষাৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰিছে দুই ভগ্নীয়ে। মহানগৰীৰ হোটেল, কাৰখানাত কৰ্মৰত হৈ থকা শিশু শ্ৰমিক, অনগ্ৰসৰ মহিলা আৰু যুৱতীক বিভিন্নধৰণৰ শিক্ষা প্ৰদান কৰি সম্প্ৰতি চৰ্চালৈ আহিছে।

 

 

আভাষ ফাউণ্ডেচনৰ উদ্যোগত তেজপুৰৰ পমী বৰুৱা আৰু ৰমী বৰুৱা নামৰ দুই ভগ্নীয়ে বস্তি অঞ্চলৰ শিশু সকলক শিক্ষাৰ পোহৰ বিলাইছে। জানিব পৰা মতে আভাষ ফাউণ্ডেচনে শিশুসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আছে।

 

 

শিক্ষিত হ’ব পৰাকৈ এগৰাকী মানুহক যিমানখিনি শিক্ষাৰ প্ৰয়োজন সিমানখিনি শিক্ষা আভাষ ফাউণ্ডেচনে প্ৰদান কৰি আহিছে। স্মৰ্তব্য যে মহানগৰীৰ বামুণীমৈদাম, পাণবজাৰ, উজানবজাৰ আৰু ভঙাগড় অঞ্চলৰ বস্তি অঞ্চলৰ প্ৰায় ২৫০গৰাকী শিশুক ফাউণ্ডেচনে শিক্ষা প্ৰদান কৰিছে। ইয়াৰ উপৰিও মহিলা সবলীকৰণৰ ওপৰত তেওঁলোকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।আভাষ ফাউণ্ডেচনৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

চলিত বৰ্ষত পুলিৎজাৰ বঁটাৰে সন্মানীত হ`ল ভাৰতীয় মূলৰ সাংবাদিক

২০২১ বৰ্ষৰ পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছে লণ্ডনৰ সাংবাদিক মেঘা ৰাজাগোপালনে।চীনৰ জিনজিযাং প্ৰদেশত চৰকাৰী বাহিনীয়ে কিদৰে ইছলামিক কলা-কৃষ্টি,ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণৰ চলাইছে আৰু মুছলমান সকলক কিদৰে বন্দী কৰি ৰাখিছে সেই বিষয়ে অনুসন্ধান মূলক বাতৰি প্ৰস্তুত কৰিছিল।

যোৱা শুক্ৰবাৰে বঁটা ঘোষণা হৈছিল।এই বঁটা ঘোষণা কৰা পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক গৰাকীয়ে কয় যে মই যিহেতু সন্মান পাম বুলি ভবা নাছিলো,সেয়ে পুলিৎজাৰ ঘোষণা অনুষ্ঠানটো টিভিত চোৱাও নাছিলো,পিছত মই উদ্যোক্তাসকলৰ পৰা এটা ফোনকল পাইছো।আনহাতে স্থানীয় বাতৰি শিতানত নীল বেদীয়েও বঁটা লাভ কৰে।

লখিমপুৰৰ জয়লক্ষীয়ে নিজস্ব সাধনাৰে জিনিলে “অসম বুক অৱ ৰেৰ্কডচ”ৰ স্বীকৃতি

দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়” – এই আপ্ত বাক্য শাৰীৰ যথাৰ্থতা প্ৰমাণিত কৰি দেখুৱালে লখিমপুৰৰ এজন প্ৰত্যয়ী যুৱকে। আনুষ্ঠানিক প্ৰশিক্ষণ কিম্বা যোগ প্ৰশিক্ষকৰ সহায় নোলোৱাকৈ নিজস্র একাগ্ৰতা আৰু ঐকান্তিক সাধনাৰ বলত বৰবিল মিচিং গাঁৱৰ এজন দুৰ্দান্ত প্ৰতিভাধৰ যুৱকে প্ৰমাণিত কৰি আপ্ত বাক্যক সচা বুলি প্ৰমাণ কৰিলে। গাঁওখনৰ চহা তৰুণ পায়েং আৰু ৰীমা পাঞাংৰ পুত্ৰ জয়লক্ষী পায়েঙে সৰুৰে পৰা যোগ চৰ্চাৰ প্রতি ৰাপ আছিল । আৰ্থিক অনগ্ৰসৰতাৰ বাবে প্ৰশিক্ষকৰ সান্নিধ্য লাভ কৰিবলৈ সমৰ্থ নোহোৱা এইগৰাকী যুৱকে মনোবল বান্ধি প্ৰশিক্ষকবিহীন ভাবেই স্বগৃহত আৰম্ভ কৰিলে নিজা ববীয়া প্ৰচেষ্টাৰে যোগ চর্চাত। যোগ গ্ৰন্থ কিম্বা ইউটিউবৰ জৰিয়তে শাৰীৰিক নিৰ্দেশনা আৰু যোগ চৰ্চাৰ কলা কৌশলৰ অনানুষ্ঠানিক শিক্ষা আহৰণ কৰি জয়লক্ষীয়ে নিয়মীয়া ভাৱে আৰম্ভ কৰি দিলে নিজা ঘৰতে যোগভ্যাস কৰাৰ। যোৱা ৫ বছৰ ধৰি নিৰলস ভাবে কোনো ধৰণৰ যোগ গুৰুৰ নিৰ্দেশনা নোহোৱাকৈ একাগ্ৰ চিত্তে যোগ চৰ্চা অব্যাহত ৰাখি আহিছিল যুৱকজনে। পৰৱৰ্তী সময়ত যোগ শিক্ষাৰ কাৰিকৰী নিৰ্দেশনা আহৰণৰ বাবে যোৱা ২ টা বছৰ ইউটিউবৰ আশ্ৰয় লৈ নিজকে অভিজ্ঞ শিকাৰু হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয় প্ৰচুৰ প্ৰত্যয়ী যুৱকজন। আৰ্থিক প্ৰতিবন্ধকতাকো নেওচি নিজকে এগৰাকী স্বয়ং সম্পূৰ্ণ যোগ শিক্ষাৰ্থী হিচাপে আত্ম প্ৰতিষ্ঠা অৱশেষত লাভ কৰিবলৈ সক্ষম হ`ল। লখিমপুৰৰ পানী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ জয়লক্ষীয়ে জনোৱা মতে সাম্প্ৰতিক ক`ভিড পৰিস্থিতিৰ বাবে অনলাইন যোগে চলিত বৰ্ষৰ ১৫ মে’ত অনুষ্ঠিত যোগ প্ৰদৰ্শনত অংশগ্ৰহণ কৰি “যোগা নিদ্ৰাসন” শিতানত “অসম বুক অব ৰেকৰ্ডছৰ শ্ৰেষ্ঠত্বৰ স্বীকৃতি আজুৰি আনিবলৈ সক্ষম হয়। এই “যোগা নিদ্ৰাসনত জয়লক্ষীয়ে ২৫ মিনিট সময় এই আসনতে থাকি শ্ৰেষ্ঠত্বৰ স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হয়। যুৱকজনে ইয়াৰপূর্বে যোগাসনতে ২০২০ চনৰ ১৩ জুনত অনুষ্ঠিত আমেৰিকান হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ,২০২০ আৰু ২০২১ চনত ইউ কে হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছকে ধৰি প্ৰায় ১৩ টা স্বীকৃতি পূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। একবিংশ শতিকাৰ একলব্য হিচাপে আত্ম পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা জয়লক্ষীয়ে কোনো প্ৰশিক্ষকৰ
সান্নিধ্য অথবা নিৰ্দেশনা নোহোৱাকৈ নিজস্ব সাধনা আৰু একাগ্ৰতাৰ বাবে ৱৰ্ল্ড ৰেকৰ্ডছৰ বিৰল স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হোৱাটোৱে ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাবাসীক গৌৰান্বিত কৰি তুলিছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

ধুবুৰীত অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিভিন্ন বিভাগৰে পৰ্যালোচনা বৈঠক অনুষ্ঠিত

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ধুবুৰী জিলাৰ ক`ভিড পৰিস্থিতি আৰু বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে ৷ পুৱা ১০.৩০ বজাৰ পৰা প্ৰায় ৬ঘন্টা ধৰি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পি সহ জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে৷ ধুবুৰী জিলাত বেদখলকাৰীৰ কবলত থকা ৭২.৩৬ হেক্টৰ বনাঞ্চলৰ আৰু ২৩১ হেক্টৰ প্ৰস্তাৱিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযান চলাই শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ডি এফ অ’ক নিৰ্দেশ দিয়ে৷ জিলাখনত এম জি এনৰেগাৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে কৰা পাৰ্কুপাইন নিৰ্মাণৰ কমেও ১৫ খন আচনিত দুৰ্নীতি হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰি মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়ে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয়- ‘বিভাগটোৰ কামৰ ধৰণ এতিয়া সলনি হ’ব৷ সকলোৱে এতিয়া পূৰ্বৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব ৷ আচনিৰ ৰূপায়ণ সঠিক হ’ব লাগিব৷ কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব৷জনস্বাস্থ্য কাৰিকৰী বিভাগক ‘জল জীৱন অভিযান’ৰ নিৰ্মীয়মান আঁচনিবোৰৰৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এনে আচনিত আৰ্ছেনিক, ফ্ল’ৰাইডৰ উপস্থিতিৰ লগতে পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে৷ বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা পৰিয়ালক খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড পৰিহাৰ কৰি প্ৰকৃতাৰ্থত দুখীয়া পৰিয়ালক কাৰ্ড লাভৰ সুযোগ দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক প্ৰয়োজনত কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ ধুবুৰীত এনেধৰণৰ ত্ৰিশ সহস্ৰাধিক পৰিয়াল থকা বুলি উল্লেখ কৰি শীঘ্ৰে তেওঁলোকক বিচাৰি উলিওৱা হ’ব বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে যোগান বিভাগৰ ডিলাৰ, গাঁওবুঢ়া, গ্ৰামসেৱকসকলক জড়িত কৰিবলৈ পৰামৰ্শ দিয়ে৷
লোকনিৰ্মাণ বিভাগক মধুপুৰ সত্ৰৰ আন্ত:গাথনি নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ধুবুৰী মডিকেল কলেজ, বিলাসীপাৰা আন্ত:ৰাজ্যিক বাছ আস্থানকে ধৰি আন আন আন্ত:গাথনি নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে৷
স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে ধুবুৰী জিলাত কেৱল এজনহে এনাছথেটিষ্ট থকাৰ বাবে হোৱা সমস্যাৰ বিষয়ে অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে বিষয়টো মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷ তেওঁ জিলাখনৰ ক`ভিড পৰিস্থিতিৰো বুজ লয়৷
অৱসৰ গ্ৰহণৰ পিছত পেন্সন লাভৰ ক্ষেত্ৰত শিক্ষকে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি সতৰ্ক হ’বলৈ, শিক্ষকৰ বদলিকে ধৰি বিভিন্ন ধৰণৰ কামৰ বাবে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত হোৱা দুৰ্নীতি বন্ধ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভগৰ বিষয়াক নিৰ্দেশ দিয়ে৷ ঘৰত গৈ অংগনবাড়ী কেন্দ্ৰত নাম পঞ্জীয়নভুক্ত শিশুসকলক খাদ্য যোগান ধৰাৰ কাম কোনোধৰণৰ বিৰতি নোহোৱাকৈ চলাই যাবলৈ মন্ত্ৰীগৰাকীয়ে জিলা সমাজ কল্যাণ বিষয়াক নিৰ্দেশ দিয়ে৷
গ্ৰাম সেৱকসকল কৃষকৰ ওচৰলৈ নাযায় বুলি মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এতিয়াৰ পৰা গ্ৰাম সেৱকে লগ কৰা কৃষকৰ নাম আৰু ফোন নম্বৰ জিলা কৃষি বিষয়াক জমা দিবলৈ নিৰ্দেশ দিয়ে৷ জিলা কৃষি বিষয়াই এই তথ্য জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তক জমা দিব লাগিব ৷ ধানৰ নিম্নতম সমৰ্থন মূল্য যাতে ক্ষুদ্ৰ কৃষকে লাভ কৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈও মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্দেশ দিয়ে৷ ধুবুৰী জিলাত থকা ১৬২ খন বিলৰ যিবোৰত বেদখল আছে সেয়া উচ্ছেদ কৰি পৰৱৰ্তী সময়ত তাত এম জি এনৰেগাৰ জৰিয়তে ৰাজহুৱা পুখুৰীৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ অসম শক্তি বিতৰণ নিগম লিমিটেডৰ বিষয়াক লোডশ্বেডিং নকৰিবলৈ কয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ জলসম্পদ, জলসিঞ্চন, উদ্যোগ আৰু বাণিজ্য, পশুপালন আৰু পশু চিকিৎসা, পৰিবহণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ কাম কাজৰো পৰ্যালোচনা কৰে৷ পৰ্যালোচনা বৈঠকৰ অন্তত অভিভাৱক মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে তেওঁ প্ৰতিমাহে জিলাখনৰ কিছুমান বিভাগৰ কামৰ পৰ্যালোচনা কৰিব আৰু প্ৰতি তিনিমাহৰ মূৰে মূৰে আন বিভাগবোৰৰ কামৰ পৰ্যালোচনা কৰিব৷ জিলাখনত বিভিন্ন বিভাগত খালী হৈ থকা পদবোৰ পূৰণৰ বাবে তেওঁ বিভাগীয মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত অন্বামুথন এম পি কামৰ শলাগ লয়৷

গোলাঘাট জিলাৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ

গ্ৰীষ্মকালীন বন্ধৰ সময়টো স্থবিৰ হোৱা নাই গোলাঘাট জিলাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা। অনলাইন শিক্ষা পদ্ধতিৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰা শিক্ষাৰ্থী সকলেও বিভিন্ন ধৰণৰ অফলাইন পদ্ধতিৰে গ্ৰহণ কৰি আহিছে সকলো বিষয়ৰ পাঠদান। অতিমাৰীকালীন জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বিগত বছৰৰ দৰে এইবছৰো এপ্ৰিল ২০২১ৰ পৰা বন্ধ ৰাখিবলগীয়া হোৱাত গোলাঘাট জিলা শিক্ষা বিভাগে কিছু ব্যতিক্ৰমী পদক্ষেপেৰে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত হোৱা ক্ষতি পাৰ্যমানে হ্ৰাস কৰাৰ চেষ্টা কৰি আহিছে। বিশেষকৈ গোলাঘাট জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাৰ নিৰ্দেশত বিগত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা বিভিন্ন অনলাইন মাধ্যমৰ জৰিয়তে সমগ্ৰ জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কৰি একাংশ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে।লগতে অনলাইন ব্যৱস্থাই ঢুকি নোপোৱা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষক- শিক্ষয়িত্ৰীসকলে ঘৰে-ঘৰে গৈ সম্পূৰ্ণ কোভিড বিধি পালন কৰি পাঠদান কৰি আহিছে । তদুপৰি বিদ্যালয়ে-বিদ্যালয়ে তথা গাঁও আৰু চহৰ অঞ্চলৰ চুকে-কোণে দ্ৰপ বাকচৰ সহায়ত গৃহ কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ অবিৰত মূল্যায়নৰ লগতে শৈক্ষিক সমল আদান-প্ৰদানৰ সু-ব্যৱস্থা জিলাখনৰ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত কৰা হয়।এই প্ৰক্ৰিয়া গোলাঘাট পূব শিক্ষাখণ্ডত আৰম্ভ কৰি ক্ৰমাৎ সমগ্ৰ জিলাখনলৈ বিয়পাই দিয়া হৈছিল। এই ব্যৱস্থাত শেহতীয়াকৈ সংযোজিত কৰা হ’ল এক ‘ছেমি-অনলাইন প্ৰক্ৰিয়া’। ২০২১ চনৰ ১০ মে’ তাৰিখৰ পৰা গোলাঘাট পূব শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ বৰুৱাৰ দ্বাৰা নিজৰ খণ্ডত পৰীক্ষা মূলকভাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰি এতিয়া সমগ্ৰ জিলাখনলৈ সফলতাৰে আগবঢ়াই নিয়া হৈছে। এই প্ৰক্ৰিয়াত বিভিন্ন মণ্ডলৰ অধীনত মাতৃগোটৰ শিক্ষিতা সদস্যাসকল, শিশু সকলৰ চুবুৰীৰ শিক্ষিত যুৱক- যুৱতী, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাই স্বেচ্ছাই শিক্ষাবাহক, শিক্ষা সেৱক, এঞ্জেল এডুকেটৰ নাম লৈ যথেষ্ট উৎসাহেৰে বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত অনলাইন মাধ্যমেৰে একোটিকৈ পাঠৰ পাঠদান প্ৰক্ৰিয়াৰ লগত পৰিচিত হৈ অফলাইন মাধ্যমত ওচৰৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি আহিছে। ইতিমধ্যে সমগ্ৰ জিলাখনত অনলাইন আৰু এই ব্যৱস্থাৰ জৰিয়তে আশী শতাংশতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সফলতাৰে সাঙুৰি লোৱা হৈছে। জিলা শিক্ষা বিভাগৰ আহ্বান ক্ৰমে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকলেও এই ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে। তদুপৰি নতুন নতুন উদ্ভাৱনীমূলক চিন্তা সমূহৰ আদান-প্ৰদানেৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ নেতৃত্বত প্ৰতি সপ্তাহত মণ্ডল ভিত্তিক, খণ্ড ভিত্তিক আৰু জিলা ভিত্তিক পৰ্যালোচনা সভা ক্ৰমে বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে নিয়মিত ৰূপত গুগল মিটৰ জৰিয়তে অনুষ্ঠিত কৰি আহিছে ।

এই আলোচনাত ক্ষেত্ৰভিত্তিক সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰো সমাধানৰ প্ৰচেষ্টা চলোৱা হয়। ইয়াৰে প্ৰথমখন জিলা সভাত পূব শিক্ষাখণ্ডৰ বিষয়া গৰাকীয়ে নিজৰ শিক্ষকতা কৰাৰ দিনত প্ৰয়োগ কৰা ছাত্ৰ-ছাত্ৰীৰ স্ব-মূল্যায়নৰ ব্যৱস্থা এটিৰ বিষয়ে উল্লেখ কৰে, য’ত একোটা পাঠৰ শিক্ষকে বাছি দিয়া শিকণ অৰ্হতা অনুযায়ী কি, কিয় আৰু কেনেকৈ ব্যৱহাৰেৰে চাৰি-পাঁচটা প্ৰশ্ন শিক্ষাৰ্থীসকলক সাজি উত্তৰ লিখিবলৈ দিয়া হয় যাৰ দ্বাৰা শিক্ষাৰ্থী সকলৰ শিকণ ফলাফল মূল্যায়ন কৰা হয়। এতিয়া উক্ত পদ্ধতিৰে ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকলৰ মূল্যায়নৰ ব্যৱস্থাও পূব শিক্ষাখণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে জিলাখনৰ পূব শিক্ষাখণ্ডত প্ৰত্যেক বৰ্ষতে অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিবিৰৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ মাজত মুঠ ১৪ টা শিতানত সুকীয়া-সুকীয়াকৈ খণ্ড ভিত্তিক সাহিত্য প্ৰতিযোগিতা ২৪ মে’ ২০২১ৰ পৰা ৬ জুন ২০২১ৰ ভিতৰত সফলতাৰে সম্পন্ন কৰা হয় আৰু ক্ৰমে সমগ্ৰ জিলাখনৰ প্ৰতি শিক্ষাখণ্ডলৈ প্ৰসাৰিত কৰাৰ সিদ্ধান্ত শেহতীয়া জিলা পৰ্যালোচনা সভাত লোৱা হয়।

ক’ভিডকালীন সময়ত চিকিৎসকৰ বাবে আশাব্যঞ্জক খবৰ- চৰ্চাত অসমৰ এজন চিকিৎসক

ৰবটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ কৰি চৰ্চালৈ আহিছে অসমৰ এজন চিকিৎসক। চিকিৎসক জনৰ নাম ডাঃ সুভাষ খান্না।চিকিৎসক জনে আমেৰিকা, ৰাছিয়া, স্পেইন, বাংলাদেশ আদি কৰি ৬০ খন দেশৰ চিকিৎসকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে এখন ৱেবিনাৰত তেওঁ লাইভ অস্ত্ৰোপচাৰ কৰে।ৱেবিনাৰখনত অংশগ্ৰহণ কৰা ২৫০ জন বিশেষজ্ঞ চিকিৎসকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়ে ।উল্লেখযোগ্য যে সুভাষ খান্না মহানগৰীৰ স্বাগত হাস্পিতালৰ লগত জড়িত। তেখেতে স্বাগত হাস্পতালত ‘ভাৰ্চিয়াছ ৰবটৰ’ জৰিয়তে এগৰাকী মহিলাৰোগী গোল্ড ব্লাডাৰৰ লাইভ অস্ত্ৰোপচাৰ কৰিছিল।

এই সম্পৰ্কত সুভাষ খান্নাই কয় যে ৰবটৰ জৰিয়তে তিনিৰ পৰা দহ মিটাৰ দূৰৰ পৰা অস্ত্ৰোপচাৰ কৰিব পৰাৰ সুবিধা আছে। সমগ্ৰ দেশত এনেকুৱা ১২ টা ৰবট আছে আৰু তাৰে প্ৰথমটো পুনে, দ্বিতীয়টো নাচিকৰ হাস্পতাল আৰু তৃতীয়টো গুৱাহাটীৰ স্বাগত হাস্পতালত আছে। কেম্বব্ৰীজ মেডিকেল ৰবটিস্ক, চাৰ্জিকেল ( চি এম আৰ ) কোম্পানীৰ পৰা এই ৰবটটো ভক্ৰয় কৰিছোঁ।যাৰ মূল্য হৈছে ২০ কোটি টকা।ক’ভিডৰ এই জটিল পৰিস্থিতিৰ সময়ত এই ধৰণৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাই ৰোগীক সকাহ দিবলৈ সক্ষম হৈছে।

পাণ খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দশন দেখুৱাইছে ঢকুৱাখনাৰ এজন যুৱকে

যি সময়ত শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ সন্ধানত হাবাথুৰি খাই সময় নষ্ট কৰিছে, সেই সময়তে ঢকুৱাখনাৰ সোৱনশিৰি হাতীয়ে মৰা ভৰতচুক গাঁৱৰ এগৰাকী শিক্ষিত যুৱক দেবানন্দ মিলিয়ে দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন৷ উল্লেখযোগ্য যে দেশ তথা ৰাজ্যখনত কভিড-১৯ৰ ভয়াবহ পৰিস্থিতিত ক্ষুদ্ৰ ব্যৱসায়ী সকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে সেই সময়তে দেৱানন্দ মিলি নামৰ যুৱকজনে পাণৰ খেতি কৰি বছৰি ৩ ৰ পৰা ৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

তিনি বিঘা মাটিত পাণ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহগৰাকীৰো স্বাৱলম্বিতাৰ পথ সুগম কৰিছে যুৱকজনে৷জানিব পৰা মতে উচ্চ শিক্ষিত দেৱানন্দ মিলিয়ে চৰকাৰী চাকৰিৰ দৌৰত লাগি নাথাকি নিজ ঘৰতে থাকি পাণৰ পৰা দৈনিক ৩০০-৪০০ গুছি পৰ্যন্ত বিক্ৰী কৰি মাহেলী ২৫-৩০হাজাৰ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আহিছে।