বস্তি অঞ্চলত শিশু শ্ৰমিকৰ মাজত শিক্ষাৰ পোহৰ বিলাইছে আভাষ ফাউণ্ডেচনে

0 294

শিক্ষাৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰিছে দুই ভগ্নীয়ে। মহানগৰীৰ হোটেল, কাৰখানাত কৰ্মৰত হৈ থকা শিশু শ্ৰমিক, অনগ্ৰসৰ মহিলা আৰু যুৱতীক বিভিন্নধৰণৰ শিক্ষা প্ৰদান কৰি সম্প্ৰতি চৰ্চালৈ আহিছে।
 
 
আভাষ ফাউণ্ডেচনৰ উদ্যোগত তেজপুৰৰ পমী বৰুৱা আৰু ৰমী বৰুৱা নামৰ দুই ভগ্নীয়ে বস্তি অঞ্চলৰ শিশু সকলক শিক্ষাৰ পোহৰ বিলাইছে। জানিব পৰা মতে আভাষ ফাউণ্ডেচনে শিশুসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আছে।
 
 
শিক্ষিত হ’ব পৰাকৈ এগৰাকী মানুহক যিমানখিনি শিক্ষাৰ প্ৰয়োজন সিমানখিনি শিক্ষা আভাষ ফাউণ্ডেচনে প্ৰদান কৰি আহিছে। স্মৰ্তব্য যে মহানগৰীৰ বামুণীমৈদাম, পাণবজাৰ, উজানবজাৰ আৰু ভঙাগড় অঞ্চলৰ বস্তি অঞ্চলৰ প্ৰায় ২৫০গৰাকী শিশুক ফাউণ্ডেচনে শিক্ষা প্ৰদান কৰিছে। ইয়াৰ উপৰিও মহিলা সবলীকৰণৰ ওপৰত তেওঁলোকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।আভাষ ফাউণ্ডেচনৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.