মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে.. অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? এই বাণীক মূলমন্ত্ৰ কৰি বান সাহাৰ্য্য বিচাৰি ফুৰা এদল তৰুণক মহানগৰীৰ পদপথত দেখা গ’ল।চ’চিয়েল ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া কমিউনিষ্ট পাৰ্টীৰ একাংশই মহানগৰীৰ ৰাজপথত সাহাৰ্য্য বিচৰা পৰিলক্ষিত হ’ল।জানিব পৰা মতে অসমৰ বিভিন্ন ঠাইৰ বানত আক্ৰান্ত সকলক চিকিৎসা সেৱা আগবঢ়াব।উল্লেখযোগ্য যে প্ৰতিবছৰে পাৰ্টীৰ তৰফৰ পৰা এনেধৰণৰ চিকিৎসা সেৱাৰ কেম্প অনুষ্ঠিত হয়।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত