বিদেশত অসমৰ নাম উজলাইছে প্ৰিয়ংকাই

0 516

আকাশ চোৱাৰ বহু হেঁপাহ আছিল তাইৰ।গ্ৰহ নক্ষত্ৰৰ গতি বিধিয়ে সৰুৰে  পৰা চিন্তাৰ খোৰাক যোগাইছিল । যাৰ ফলশ্ৰুতিত মহাকাশ বিজ্ঞানী হোৱাৰ বাবে মন মেলিছিল ।পৰৱৰ্তী সময়ত বিদেশত মহাকাশ বিজ্ঞানী হিচাপে  প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল । এই বিশেষ  ছোৱালীজনী কোন জানেনে?  এই বিশেষ ছোৱালী জনী হ’ল প্ৰিয়ংকা দাস।আই আই ই গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক মনোজ দাসৰ দুহিতা প্ৰিয়ংকা সম্প্ৰতি ফ্ৰান্সৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে ।ইয়াৰ উপৰিও ফ্ৰান্সত বিজ্ঞানক জনপ্ৰিয়কৰণ কৰাৰ বাবে বেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি লাভ কৰিছে।প্ৰিয়ংকাৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে সমূহ অসমবাসী গৌৰৱান্বিত ।

Leave A Reply

Your email address will not be published.