নিচলাজনলৈ নিস্বাৰ্থভাৱে ১০লাখ টকা আগবঢ়ালে

0 238

পৰিস্থিতি আৰু সময়ৰ তাগিদাত মানুহ স্বাৰ্থপৰ হৈ পৰিছে ।কথাষাৰ এশতাংশই হয়তো আপুনি সঠিক বুলি বিবেচনা কৰিব ।কিয়নো সম্প্ৰতি সময়ত হত্যা, হিংসা, খাম খেয়ালি যি হাৰত বৃদ্ধি হ’ব লাগিছে সেই পৰিস্থিতিত এই কথাষাৰ বাৰুকৈয়ে অনুমান হ’ব । স্বাৰ্থপৰতাৰ মনোবৃত্তিক পৰিহাৰ কৰি সমাজৰ দুখীয়া মানুহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ধেমাজি চিচিবৰগাঁৱৰ যুৱক নন্দীগিৰী ভূঞাই।সৰুতে পিতৃ মাতৃৰ পৰা পোৱা শিক্ষাক সৰোগত কৰি নন্দীগিৰী ভূঞাই দুই সহস্ৰাধিক দুখীয়া পৰিয়ালক ৫০০ টকাকৈ উপহাৰ আগবঢ়ায়।উল্লেখযোগ্য যে বিহুৰ উৰুকাৰ দিনা গাই নদীৰ বানত গৃহহীন হোৱা পৰিয়ালক তেখেতে গুৱা পানৰ লগতে ৫০০টকাকৈ উপহাৰ আগবঢ়ায় ।জানিব পৰা মতে ইতিমধ্যে  উদীয়মান যুৱ ব্যৱসায়ীজনে বিহুত চান্দা দিয়া সংস্কৃতি বন্ধ কৰি প্ৰতিবছৰে এনেদৰে দুখীয়া ৰাইজৰ মাজত সেই ধনখিনি আগবঢ়াব বুলি সিদ্ধান্ত লৈছে।উদীয়মান যুৱ ব্যৱসায়ীজনৰ এই প্ৰচেষ্টাক সমূহ ৰাইজে শলাগ লৈছে ।

Leave A Reply

Your email address will not be published.