অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত শনিবাৰে “বিশ্ব ভূমি দিৱস” উদযাপন কৰা হয়। নগাঁৱৰ শিমলুগুৰিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত “বিশ্ব ভূমি দিৱস” উপলক্ষে অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই- বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ হাৰৰ বিপৰীতে ভয়াবহ ভাবে ভূমি উৰ্বৰতা হ্ৰাস পোৱাৰ বিষয়ে আলোচনা কৰাৰ লগতে কৃষকক সাৰৰ সামঞ্জস্য ৰক্ষা কৰি বিশেষকৈ জৈবিক সাৰ প্ৰয়োগৰ কৰি ভূমি ৰক্ষাৰ বাবে আহ্বান জনায়। ভূমি বিজ্ঞানী দিপেন চন্দ্ৰ নাথে আঁত ধৰা সভাখনিত নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ, কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ প্ৰবিত্ৰ চন্দ্ৰ বৰদলৈ আৰু খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প বিষয়া মিন্টু ডেকাই ভূমিৰ সংৰক্ষণ, ভূমি ৰক্ষা, কৃষিত সাৰ আদি বিষয়ৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটিত নগাঁও জিলাৰ জামুগুৰি, শেনচোৱা, আইভেটি, গেডাবড়ি, কহুৱাতলি, শিমলুগুৰি, ভোগবাৰী, নসত্ৰ, বটদ্ৰৱা আদি গাঁৱৰ ৭০ গৰাকী প্ৰগতিশীল কৃষকক আগন্তুক তিনি বছৰৰ বাবে মাটিৰ পৰীক্ষা প্ৰমানপত্ৰ প্ৰদান আৰু শাক পাচলিৰ পুলি বিতৰণ কৰা হয়। উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, পথাৰ শষ্য বিজ্ঞানী ডঃ বন্তি গগৈ, কৃষি অৰ্থনীতি বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, ড০ অনিমেশ ডেকা, বিষ্ণু নাৰায়ণ ফুকনকে প্ৰমুখে কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী, কৰ্মচাৰী আৰু কৃষকসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰটিৰ চৌহদত ঔষধি গছ পুলি ৰোপণ কৰা হয়।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে ।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত