যোদ্ধা দ্যা আন টল্ড ষ্টৰী উন্মোচন

0 263

ম্যানমাৰত সতীৰ্থৰ হাততে প্ৰাণ দিছিল ৰশ্মিতা অসম ওৰফে জাহ্নৱী মহন্ত ৰাজকোঁৱৰে । ম্যানমাৰৰ হেনচাং নামৰ এক দুর্গম এলেকাত শিৰচ্ছেদ কৰাৰ পাছত ৰশ্মিতা অসমৰ মৃতদেহটো কৈলং নামৰ খৰশ্ৰোতা নদীখনত উটি গৈছিল।যি দুজন আলফা সদস্যই এই দুষ্কাৰ্য সংঘটিত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আলফাই মৃত্যুদণ্ডও ঘোষণা কৰিছিল।কিন্ত ইয়াৰ পূৰ্বেই ম্যানমাৰ ত্যাগ কৰি অসমলৈ পলাই আহিছিল শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ এই দুই আলফা সদস্যই।
এখন ভৰা ঘৰ-সংসাৰ চৰকাৰী চাকৰি এৰি অৰণ্যলৈ যোৱা ৰশ্মিতা অসমৰ কি পৰিস্থিতিত কি দৰে মৃত্যু হৈছিল সেই কথা অসমৰ ৰাইজে আজিও নাজানে।অসমৰ ৰাইজে নজনা অথচ সত্যক পোহৰলৈ অনাৰ স্বাৰ্থতেই সাংবাদিক ধীৰু মনি গগৈয়ে তেওঁ শেহতীয়া গ্ৰন্থ নিষিদ্ধ যোদ্ধা দ্যা আনটল্ড ষ্টৰীজত লিপিবদ্ধ কৰিছে।আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে।

গ্ৰন্থখন উন্মোচন কৰি চৌধুৰীয়ে কয় যে কিতাপখনৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগেই মই যেন প্ৰৱেশ কৰিছোঁ এখন আমি কাহানিও নেদেখা আৰু দেখাৰ সম্ভাৱনা নথকা পৃথিৱীত।সেইখন এখন অচিনাকি পৃথিৱী।যুদ্ধ,মৃত্যু, বিশ্বঘাতকতা,দুৰ্গম যাত্ৰা,অকল্পনীয় সমাজ,ৰাষ্ট্ৰীয় পৰা মুক্ত অঞ্চলত স্বাধীনতাকামী বিদ্ৰোহী জীৱন আৰু অনেক কথাই বাৰে বাৰে মোক বিস্মিত কৰিছে।মোক নতুন নতুন কথাৰ লগত পৰিচিত কৰিছে।চকুৰ আগত যেন ভাঁহি উঠিছে বেলেগ বেলেগ অভাৱনী দৃশ্যপট।
আনহাতে আলফাৰ ২৮ বেটেলিয়নৰ কথা আমি কাকতত পঢ়িছোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে আলফাৰ মতাদর্শ,তেওঁলোকে গ্ৰহণ কৰা পথ তাৰ কাৰণ আৰু ফলাফল এইবোৰ গভীৰ বিচাৰ বিশ্লেষণ বিষয়।এই পথ গ্ৰহণযোগ্য হওক বা নহওক যিহেতু এটা পথৰ সৃষ্টি হৈছে।অসমৰ ইতিহাস নিৰ্মাণত যি পথৰ এটা বিশেষ ভূমিকা আছে।এই পথৰ অনাবৃষ্টি আৰু অলিখিত কথা সমূহ বিচাৰি উলিয়াই লিপিবদ্ধ কৰাৰ প্ৰয়োজন আছে।
সম্প্ৰতি দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত ধীৰু মনি গগৈৰ কিতাপখন সন্নিবিষ্ট হোৱা তথ্য সমূহ অসমৰ সমাজ আৰু ৰাজনৈতিক গৱেষণাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হোৱা থল আছে বুলিও কয় বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
প্ৰণিধানযোগ্য যে আলফাৰ ২৮ বেটেলিয়নৰ অলিখিত বহুতো জীয়া কাহিনীৰে সমৃদ্ধ নিষিদ্ধ যোদ্ধা।গ্ৰন্থখন প্ৰতিটো পৃষ্ঠাতে আছে আলফাৰ উত্থান পতন তথা শ্বহীদ হোৱা বীৰ সকলৰ জীৱন গাথা।২৮ বেটেলিয়নৰ এৰিয়া কমাণ্ডাৰ মাধুৰ্য্য গোহাঁই,চৰণ মাঝি,ভাস্কৰ হাজৰিকা,প্ৰদীপ গগৈৰ মৃত্যু লগতে চাখান টানিবলৈ গৈ ম্যানমাৰত কিদৰে কৰুণ ভাৱে কুণ্ডিল্য বৰুৱাৰ মৃত্যু হৈছিল এই কথাও প্ৰকাশ কৰিছে গগৈয়ে।বৰুৱাৰ মৃত্যু পিছত ম্যানমাৰত নগা গাঁৱৰ ৰাইজে তেওঁৰ মৃতদেহ সৎকাৰ কৰা লগতে শ্ৰাদ্ধও পাতিছিল।
এই শ্ৰাদ্ধৰ বাবে তেওঁলোকে আলফাৰ পৰা কেৱল এটা কুকুৰৰ মূল্য হে লৈছিল।বাকী সকলো তেওঁলোকে নিজেই গোটাই পাতিছিল।স্বাধীনতা বিচাৰি গৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা বৰুৱাৰ দৰে কিদৰে মিন্টু সোণোৱাল নামৰ আলফা সদস্য জনে ৩৭ টা দিন ডিব্ৰু ছৈখোৱা অভয়াৰণ্যত সেনাৰ বেহুৰ মাজত কেঁচা চাউল খাই প্ৰাণ বছাইছিল,কিদৰে বিতোপন বৰুৱাই যুদ্ধ ক্ষেত্ৰতো কবিতা গীত লিখি প্ৰাণ দিছিল ইত্যাদি বহুতো কথাই আছে গ্ৰন্থখনত।
লেখক গগৈ মতে ২৮ বেটেলিয়ন আছিল এটা সময়ত আলফা মেৰুদণ্ড।উজনি অসমত সেনা আৰক্ষী বাবে মূৰৰ কামোৰণি হৈ পৰা ২৮ বেটেলিয়ন গঠনৰ আঁৰৰ কাহিনী বেটেলিয়ন ভংগ লৈকে প্ৰায় সকলো কথাই সামৰি প্ৰস্তুত কৰা হৈছে।
প্ৰকৃততে সংগঠনৰ ধন সংগ্ৰহৰ অভিযানৰ পৰা সামৰিক অভিযানলৈ সকলো দিশ আৰম্ভণিতে এই বেটেলিয়নটোৱে চোৱা চিতা কৰিছিল।সেনা অভিযানত এই বেটেলিয়নটোৰ শ শ নেতা,সদস্য নিহত হৈছিল।উক্ত আলফা নেতা সদস্য সকলৰ মৃত্যুৰ জীয়া কাহিনী সমূহ আজিও বহুতে নাজানে।বহু কথা মই নিজেও নাজানো।কিন্ত এটা অনুসন্ধিৎসু মনৰ গৰাকী হিচাপে ইতিহাস খুচৰি আৰু এজন সাংবাদিক হিচাপে বিভিন্ন তথ্য তথা উৎসৰ সহায় লৈ ৰাইজে নজনা কথাবোৰ লিপিবদ্ধ কৰাৰ চেষ্টা চলাইছোঁ।
আলফাৰ সদস্যসকলক কি পৰিস্থিতিত কেনেকৈ কিদৰে মৃত্যু হৈছিল।কোনজন সতীৰ্থ বিশ্বাস ঘাটকতাৰ বলি হৈছিল আদি বহুতো অজান কথাৰ লগতে ২৮ বেটেলিয়ন কেতিয়া শিখৰত উপনীত হৈছিল,কেতিয়া পৰা অৱনমন আৰম্ভ হৈছিল,কাৰ কি ভূমিকাৰ বাবে বেটেলিয়নটোৰ ক্ষতি হৈছিল সকলো কথাই লিপিবদ্ধ কৰা হৈছে।
আনহাতে সেনা আৰক্ষী আক্ৰমণত এটা সময়ত এই বেটেলিয়নটো এমাহত ৪৭ জনলৈকে সদস্য অতি কৰুণ পৰিস্থিতিত মৃত্যু বৰণ কৰিবলগীয়া হৈছিল বুলি জনাই গগৈয়ে কয় যে আলফাৰ সংগ্ৰাম কিদৰে চলিছিল কিদৰে ডেকা অসমীয়া প্ৰাণ দিছিল এই কথাবোৰ যাতে নতুন প্ৰজন্মই জানে বা ইতিহাসৰ পাতত লিপিবদ্ধ লৈ থাকে তাৰ বাবেই এই গ্ৰন্থখন প্ৰস্তুত হৈছে।

Leave A Reply

Your email address will not be published.