অঘৰী কুকুৰৰ বাটৰ ঘৰৰ ব্যৱস্থা কৰিলে যুৱ উদ্ভাৱকে

0 256

শিৱসাগৰ এজন উদ্ভাৱক।উদ্ভাৱক গৰাকীয়ে অঘৰী কুকুৰৰ বাবে স্থাপন কৰিছে বাটৰ ঘৰ।শিৱসাগৰ ফুকন নগৰৰ বাসিন্দা এই উদ্ভাৱক গৰাকীৰ নাম হ’ল অভিজিৎ দুৱৰা।
উল্লেখযোগ্য যে লকডাউনৰ সময়তো অভিজিৎ দুৱৰাই বি ফাইটাৰ,ছেনিটাইজা কৰা চাইকেল ,জোনবাই এল ই ডি বাল্ব উদ্ভাৱন কৰি প্ৰশংসা লাভ কৰিছে। কালি অভিজিৎ দুৱৰাই উদ্ভাৱন কৰা বাটৰ ঘৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে শিৱসাগৰ ভাৰপ্ৰাপ্ত বিষয়া আল আজাহাৰ আলিয়ে। এই সম্পৰ্কত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এনেদৰে মন্তব্য কৰে যিসময়ত দেশত ক’ৰণা মহামাৰী বাবে জৰ্জৰিত হৈছে সেই সময়ত নৱ প্ৰজন্মৰ যুৱক হৈ নিজৰ বাবে চিন্তা নকৰি তেখেতে ৰাইজৰ সেৱাত মনোনিৱেশ কৰিছে সচাকৈ শলাগ লগাব লগীয়া।এই বাটৰ ঘৰৰ জৰিয়তে অঘৰী কুকুৰে নিৰাপত্ত আশ্ৰয় স্থল বিচাৰি পাব বুলি সচেতন মহলে ব্যক্ত কৰিছে।

Leave A Reply

Your email address will not be published.