বিশ্ব হস্তী দিৱস উদযাপন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰতো বিশ্ব হস্তী দিৱস উদযাপন কৰা হয় ৷ বিভিন্ন বিদ্যালয়ৰ পৰা অহা এজাক কণ কণ ছাত্ৰ ছাত্ৰীয়ে ৰং আৰু তুলিকাৰে চিত্ৰায়িত কৰে হাতীৰ বিভিন্ন ৰূপ আৰু ব্যৱহাৰ ৷ ৰং তুলিকাৰ এই অনুষ্ঠানত বোকাখাত আৰু কাজিৰঙাৰ বহু বিদ্যালয়ৰ উপৰিও বোকাখাতৰ আয়ুস্কৰ চিত্ৰকলা বিদ্যালয় আৰু ৰজাবাৰীৰ ইনষ্টিটিউত অৱ আৰ্ট এণ্ড কালচাৰৰ শিক্ষাৰ্থীয়েও অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ , ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া , অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা ডা৹ কুশল শৰ্মা, অসম বাঁহ অভিযান প্ৰকল্পৰ উপ সঞ্চালক ডিম্পী বৰা, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সত্যপ্ৰিয়া শিৱ কুমাৰ উপৰিও স্থানীয় গাওঁবুঢ়া আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীয়েও অংশ গ্ৰহণ কৰে ৷ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে হাতত ৰং লৈ হাতীৰ চিত্ৰত ৰং সানি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ আদৰণী ভাষণ দিয়ে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ আৰু এলিফেন্ট ফেমেলিৰ যৌথ উদ্যোগত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ নিৱ নিৰ্মিত মাৰ্ক চান্দ হস্তী শিক্ষন কেন্দ্ৰত আয়োজিত এই আকৰ্ষণীয় অনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে হাতত ৰং সানি হাতৰ চাপেৰে হাতী অকাৰ উপৰিও ৰং তুলিকাৰে কেন্দ্ৰৰ দুখন প্ৰাচীৰত হাতীৰ বিভিন্ন চিত্ৰও অংকন কৰে ৷ এই অনুষ্ঠান পৰিচালনা কৰে গুৱাহাটীৰ ফাইন আৰ্ট চ’চাইটিৰ সম্পাদক জ্যোতি প্ৰসাদ দাস আৰু চিত্ৰ শিল্পী মাধুৰ্য্য ভাগৱতীয়ে ৷ অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি

ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ

নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।

গাহৰি পালকৰ সমস্যাক গুৰুত্ব দিয়ক

অসমৰ গাহৰি পালক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ অৰ্থে কালি এখনি সংবাদমেল অনুষ্ঠিত কৰে।গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলখনত উত্তৰ পূব প্ৰগতিশীল গাহৰি পালক সন্থাৰ সম্পাদকে কয় যে লকডাউনৰ বাবে গাহৰি পালক সকলে লকডাউনৰ পিছত গাহৰিৰ বাবে পয্যাপ্ত সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে উপাৰ্জনহীনতাত ভূগিছে।ইয়াৰ উপৰিও আফ্ৰিকান ছোৱাইন ফ্লুৱে যথেষ্ট প্ৰভাৱ পেলাইছে।সেয়েহে বিভাগীয় কৰ্তৃপক্ষক গাহৰি পালনৰ ক্ষেত্ৰত সুস্থ পৰিৱেশ গঢ়ি দিবলৈ সংবাদমেলৰ যোগে আহ্বান জনাইছে।

জন্মদিনত অনুৰাগীয়ে লিখিলে সুশান্ত তুমি য’তেই আছা, শান্তিত থাকা

আজি জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্ম বাৰ্ষিকী।অভিনেতা গৰাকী জন্ম দিনৰ লগত সংগতি ৰাখি ছ’চিয়েল মেডিয়াত হাজাৰ হাজাৰ অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰি পোষ্ট শ্বেয়াৰ কৰিছে।কোনোৱে ৰাজপুতৰ দৰ্শন, আৰ্দশক সুঁৱৰি অভিনেতা গৰাকী শুভেচ্ছা যাঁচিছে।কোনোৱে অভিনেতা গৰাকীৰ ন্যায়ৰ বাবে এই বিশেষ দিনটোত ঈশ্বৰক প্ৰাৰ্থনা জনাইছে।

ইতিমধ্যে ছ’চিয়েল মেডিয়া ফেচবুকত এটা টেণ্ড আৰম্ভ হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৪ জুনত অভিনেতা গৰাকীক মুম্বাইত নিজা ফ্লেটত মৃত অৱস্থাত পোৱা গৈছিল ।পৰৱৰ্তী সময়ত অভিনেতা গৰাকীৰ মৃত্যু তদন্ত কৰিবলৈ চি বি আই, এ চি বি আৰু ইউ ডি সক্ৰিয় হৈ পৰিছিল।জনপ্ৰিয় অভিনেতা গৰাকীৰ আজি এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

ৰবীন্দ্ৰ ভৱনত পৰিবেশিত হ’ল মোক্ষ

ৰবীন্দ্ৰভৱনত আজি সন্ধিয়া ৬ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বৰ্তমানৰ সঞ্চালক যাদৱ শইকীয়াৰ নেতৃত্বত,গুৱাহাটীৰ “দৰ্পণ ডান্স অকাডেমী” আৰু সংগীত সত্ৰৰ সহযোগত যোৱা বৰ্ষত মহাপ্ৰয়াণ ঘটা পদ্মশ্ৰী ,সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ভাৰতৰ এগৰাকী যশস্বী নৃত্যবিশাৰদ, সমালোচক কোঠাৰীৰ স্মৃতিত “মোক্ষ” শীৰ্ষক ভাৰতীয় ধ্ৰুপদী নৃত্যৰ এক অনুষ্ঠান পৰিৱেশিত হয়৷এই অনুষ্ঠানটিত নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া স্বপ্ননীল বৰুৱা,আই এ এছ বিষয়া তথা সাংস্কৃতিক ব্যক্তিত্ব মাধুৰীমা বৰুৱা,প্ৰখ্যাত মূকাভিনয় শিল্পী মইনুল হক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড° ৰঞ্জন কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মৃণালজ্যোতি ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷এইসকল বিশিষ্ট ব্যক্তিক অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত সুনীল কোঠাৰীৰ বিষয়ে কিছু কথাও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ‘মোক্ষ’ শীৰ্ষক নৃত্য সন্ধিয়াটিত অৰুণাভজ্যোতি মালাকাৰৰ “খোল বাদন”,স্বনামধন্য নৃত্যশিল্পী অনিতা শৰ্মাৰ “গুৰু বন্দনাৰে সৈতে সত্ৰীয়া নৃত্য”,যশস্বী নৃত্যগুৰু বিপুল দাসৰ “কথক নৃত্য”,খ্যাতনমা নৃত্যশিল্পী তথা প্ৰৱক্তা ড° অঞ্জনাময়ী শইকীয়াৰ “ওডিচি নৃত্য” পৰিবেশনৰ লগতে গুৱাহাটীৰ সংগীত সত্ৰৰ শিল্পীসকলে ‘একলব্য’ আৰু আন এক সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে৷

আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল উদ্যান শস্য মেলা

বৃহস্পতিবাৰৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰি ভাৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ তাৰোপৰি মেলাখনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰেও ভৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ প্ৰায় দুঘন্টা পলমকৈ আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ কৃষিমন্ত্ৰী অতুল বৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ সময়তে ভৰ্তি হৈ থকা মণ্ডপ খালী হৈ পৰা দেখা গ’ল ৷ অনুষ্ঠানত ১২ দেশৰ ৰাষ্টদূত আৰু উচ্চায়ুক্তই অংশ গ্ৰহণ কৰে ৷ এই বৃহৎ মেলাত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ১৮৩ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷ অৱশ্যে চিপচিপিয়া বৰষুণৰ বাবে উৎসাহ সীমিত হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ ৫ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ লোৱাৰ লগতে গোলাঘাট জিলাৰ ৬ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ ল’ব ৷ প্ৰতি সন্ধ্যা ৰাজ্যৰ প্ৰতিস্থিত শিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব ৷ আজি প্ৰথম নিশা বিপিন চাওদাং, কল্পনা পাটোৱাৰী, সোমনাথ বৰা আৰু বিমান বৰুৱাৰ লগতে স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই..